ETV Bharat / state

Assam CM in Bongaigaon : শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন - বঙাইগাঁৱৰ বৰঘোলা কাহিবাৰী সংযোগী

11 বছৰে অসম্পূৰ্ণ হৈ থকা বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখনৰ কাম শীঘ্ৰে আৰম্ভ হ’ব ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে আৱন্টন কৰি দিছে 29 কোটি টকা ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Visited AIE Bridge in Bongaigaon) ৷

Assam CM in Bongaigaon
শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন
author img

By

Published : Dec 6, 2022, 8:54 AM IST

বঙাইগাঁও, 6 ডিচেম্বৰ : সোমবাৰে বঙাইগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Bongaigaon)৷ সোমবাৰে বঙাইগাঁৱত এক বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 6 টা প্ৰকল্পৰ শিলান্যাস আৰু দুটা প্ৰকল্পৰ উদ্বোধন কৰে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 11 বছৰে অসম্পূৰ্ণ হৈ থকা বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী আই নদীৰ ওপৰত থকা দলংখন আৰু দলংখনৰ লগত সংযোগী ৰাস্তাও পৰিদৰ্শন কৰে ৷

আনকি গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা 29 কোটি টকা আৱন্টন দিয়ে ৷ যাক লৈ যথেষ্ট আশাবাদী স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰ, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ লগতে বঙাইগাঁওবাসী ৰাইজ (Assam CM Visited AIE Bridge in Bongaigaon) ৷

তথ্য অনুসৰি, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত চিলাপাৰা-কাহিবাৰী সংযোগী আৰ চি চি দলঙৰ বাবে 39 লাখ 60.96 হাজাৰ টকা আৱন্টন দি 2011 চনত কীৰ্ত্তনপাৰাত এক বিশাল জনসভাত আধাৰশিলা স্থাপন কৰিছিল । পিছত পুনৰ 2013 চনৰ ঠিকাদাৰ ৰুদ্ৰকুমাৰ পাঠকে পুনৰ পূৰ্ণ বাবে কাম আৰম্ভ কৰে ৷

শীঘ্ৰে সম্পূৰ্ণ হ’ব বঙাইগাঁৱৰ বৰঘোলা-কাহিবাৰী সংযোগী দলংখন

কিন্তু আই নদীয়ে গতি সলনি কৰাৰ বাবে দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো দলংখন নদীৰ মাজত ওলমি থাকে । যাৰ বাবে বৃহত্তৰ কীৰ্ত্তনপাৰা অঞ্চলৰ লাখ লাখ মানুহৰ যাতায়ত বিছিন্ন হৈ থাকে । সোমবাৰে মুখ্যমন্ত্ৰীয়ে এই দলংখন পৰিদৰ্শন কৰি দলংখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ 29 কোটি টকা আৱণ্টন দিয়াৰ কথা সদৰী কৰে ৷

উল্লেখ্য যে, ‘‘বিকাশৰ দিশে এটা পষেক’’ শীৰ্ষক কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিজিটেল মাধ্যমেৰে শিলান্যাস আৰু দুটা প্ৰকল্পৰ উদ্বোধন কৰে ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি/ প্ৰকল্পৰ শিল্যান্যাস আৰু শুভ উদ্বোধন কৰাৰ পাছত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM in Bongaigaon) ৷

সোমবাৰে বিকাশৰ বাবে এটা পষেকৰ প্ৰথম দিনটোতে বঙাইগাঁও জিলাখনত চিকিৎসা সেৱাৰ বাবে 61067.41 লাখ টকা ব্যয় সাপেক্ষে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ একেদৰে 625.67 লাখ টকা ব্যয় সাপেক্ষ বঙাইগাঁও ৱাকিং জ’নৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ৱাকিং জ’নতে অসমৰ ভূমিপুত্ৰ কোঁচ-ৰাজবংশী সকলৰ গৌৰৱময় ধ্বজা বহনকাৰী মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন ডিজিটেল মাধ্যমৰে কৰা হয় ৷

লগতে পঢ়ক : CM reactions on Badaruddin comment : আজমলক আঁঠুৱাৰ তলৰ মহ আখ্যা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.