চিৰাং, 10 জুনঃ ৰাজ্যত ক'ৰণা মহামাৰীৰ সংকটকালৰ সময়ত বুধবাৰে বঙাইগাঁৱত এটা স্ব ইচ্ছাই ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ৷ চিকিৎসা বিভাগক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বঙাইগাঁও জিলা লিগেল চাৰ্ভিচ অথৰিটিয়ে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে বঙাইগাঁৱত ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত সংৰক্ষিত ৰক্তৰ পৰিমাণ কিছু হ্ৰাস পোৱাত বহু ৰোগীয়ে উপযুক্ত চিকিৎসাৰ বঞ্চিত হোৱা পৰিলক্ষিত হৈছে ৷ এনে অৱস্থাত জিলা লিগেল চাৰ্ভিচ অথৰিটিৰ উদ্যোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ৷
লগতে পঢ়কঃ বাঘজানত প্ৰাণ হেৰুওৱা দুয়োজন কৰ্মচাৰীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব