ETV Bharat / state

গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী সুলভ মূল্যৰ সামগ্ৰী - সুলভ মূল্যৰ সামগ্ৰী

বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্মত অতিষ্ঠ হৈছে সুলভ মূল্যৰ হিতাধিকাৰী সকল ৷ যোৱা দুমাহৰ পৰা ৰেচন পোৱা নাই বুলি হিতাধিকাৰীসকলে অভিযোগ কৰে ।

সুলভ মূল্যৰ গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী
author img

By

Published : Aug 2, 2019, 12:34 PM IST

চিৰাং, 2 আগষ্টঃ বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত ব্যৱস্থাত ধৰা পৰিছে ব্যাপক দুৰ্নীতি ৷ হিতাধিকাৰীয়ে নিজৰ ৱাৰ্ডৰ বাহিৰৰ পৰা ৰজহুৱা বিতৰণৰ সামগ্ৰী ক্ৰয় কৰিবলগীয়া অভিযোগ ৰাইজৰ ৷

বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে হিতাধিকাৰী ৷ ২৫ খন ৱাৰ্ডৰ হিতাধিকাৰীয়ে নিজৰ ৱাৰ্ডৰ বাহিৰত গৈ ৰাজহুৱা বিতৰণৰ সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে । আনকি সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে এজনৰ নামত ব্যৱহাৰ কৰিছে আন কোনোবাই বুলিও উল্লেখ কৰে গ্ৰাহক সকলে । তাৰোপৰি এজন ব্যক্তিয়ে আকৌ নিজৰ পৰিয়ালতে তিনিটাকৈ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে ৷ ইফালে প্ৰায়বোৰ সুলভ মূল্যৰ দোকানীয়ে ভুৱা হিতাধিকাৰীৰ নামত ৰাজহুৱা বিতৰণৰ সামগ্ৰী ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । লগতে ৮ নম্বৰ ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী তুলসী সাহাৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰা অসীম বাৰৈয়ে ১১ আৰু ২৫ নম্বৰ ৱাৰ্ডৰ হিতাধিকাৰীসকলক যোৱা দুই মাহৰ ৰেচন দিয়া নাই বুলি হিতাধিকাৰীসকলে অভিযোগ কৰে ।

সুলভ মূল্যৰ গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী
উল্লেখ্য যে, উক্ত ঘটনাটো উপায়ুক্তক জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে অঞ্চলটোত সুলভ মূল্যৰ দোকানত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ আহ্বান জনাইছে গ্ৰাহক সকলে ৷

Intro:।।বঙাইগাঁৱৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাত ধৰা পৰিছে দূৰ্ণীতি আৰু অনিয়ম।।

Body:
বঙাইগাঁও জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত চলিছে তামাম দূৰ্ণীতি আৰু অনিয়ম।

দূৰ্ণীতিৰ অন্ত নাই এই বিভাগটোত। কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা চলি অহা দূৰ্ণীতি এতিয়াও চলি আছে বিভাগটোত। অথচ বৰ্তমান বিজেপি চৰকাৰৰ শাসন।

বঙাইগাঁও চহৰৰ ২৫ খন ৱাৰ্ডৰ হিতাধিকাৰীয়ে নিজৰ ৱাৰ্ডৰ বাহিৰত গৈ ৰজহুৱা বিতৰণৰ সামগ্ৰী ল'ব লগাত পৰিছে। সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে এজনৰ নামত ব্যৱহাৰ কৰিছে আন কোনোবাই। এজন ব্যক্তিয়ে আকৌ নিজৰ পৰিয়ালতে তিনিটাকৈ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি আছে।

ইফালে প্ৰায়বোৰ সুলভ মূল্যৰ দোকানীয়ে ভুৱা হিতাধিকাৰীৰ নামত ৰাজহুৱা বিতৰণৰ সামগ্ৰী উঠাই ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে। কিন্তু এই ক্ষেত্ৰত খাদ্য আৰু অসামৰিক যোগান বিভাগে এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰা নাই।

বহু সুলভ মূল্যৰ দোকানীয়ে প্ৰকৃত হিতাধিকাৰীৰ নাম, ফোন নম্বৰ, বেংক একাউন্ট নম্বৰ আদি বিভাগক জমা দিয়া নাই। ইয়াতে লুকাই আছে বৃহৎ কেলেংকাৰী।

বঙাইগাঁও চহৰৰ ১১ আৰু ২৫ নম্বৰ ৱাৰ্ডৰ কুৰিজনৰো অধিক হিতাধিকাৰীয়ে যোৱা জুন আৰু জুলাই মাহৰ ৰেচন পোৱা নাই। ৮ নম্বৰ ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী তুলসী সাহাৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰা অসীম বাৰৈয়ে তেওঁৰ ১১ আৰু ২৫ নম্বৰ ৱৰ্ডৰ হিতাধিকাৰীসকলক যোৱা দুই মাহৰ ৰেচন দিয়া নাই বুলি হিতাধিকাৰীসকলে অভিযোগ কৰে। তেওঁলোকে অভিযোগটো উপায়ুক্তকো দিছে।

বাইট: ১: হিতাধিকৰী

বাইট:২: অসীম বাৰৈ

Conclusion:এতিয়া প্ৰশ্ন হয় খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গৃহ জিলাতে তেওঁৰ বিভাগত চলি থকা দূৰ্ণীতি আৰু অনিয়ম বন্ধ হোৱা নাই কিয়? মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়টো বুজাই ক'ব নে ৰাইজক?

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.