ETV Bharat / state

বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসৰ বদান্যতা - খাকী পোছাক

খাকী পোছাকৰ আঁৰৰ এগৰাকী মানৱদৰদী ব্যক্তি। বঙাইগাঁৱৰ অভয়াপুৰীৰ দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে এগৰাকী আৰক্ষী বিষয়াই। দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰাৰ প্ৰয়াস উত্তৰ শালমাৰাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ। আৰক্ষী বিষয়াগৰাকীৰ এই কাৰ্যত সহযোগ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতাই ৷

বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসৰ বদান্যতা

author img

By

Published : Nov 10, 2020, 3:30 PM IST

বঙাইগাঁও, ১০ নৱেম্বৰ: এখন গৰম কাপোৰৰ অভাৱত ঠেৰেঙা লগা জাৰতো কঁপি থাকিবলগীয়া হোৱা দৰিদ্ৰ লোকলৈ সহায়ৰ হাত আগবঢ়াইছে বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসে। বঙাইগাঁও জিলাৰ অভয়াপুৰীত ব্যতিক্ৰমী ৰূপত দেখা গ’ল উত্তৰ শালমাৰাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাসক৷ উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন অঞ্চলত আৰক্ষী বিষয়াজনে দুখীয়া লোকৰ মাজত কম্বল বিতৰণ কৰে৷ হেমেন দাসৰ এই কামত সহযোগিতা আগবঢ়ায় সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতাই ৷

বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসৰ বদান্যতা
বঙাইগাঁৱৰ আৰক্ষী বিষয়া হেমেন দাসৰ বদান্যতা

শীতৰ আগমনৰ সময়তে আৰ্তজনৰ অভাৱ অনুভৱ কৰি তেওঁলোকৰ কাষত থিয় দিলে আৰক্ষী বিষয়া হেমেন দাসে ৷ আৰক্ষী বিষয়াগৰাকীৰ এই কাৰ্যৰ শলাগ লৈছে সকলোৱে। লগতে এই কামৰ জৰিয়তে ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈও সক্ষম হৈছে উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসে৷ কৰ্তব্যৰ খাতিৰত অধিক ব্যস্ত হৈ থাকিলেও আৰক্ষীৰো আৰ্তজনক সহায় কৰাৰ ইচ্ছা থাকে।

ৰাইজৰ সুৰক্ষাৰ বাবে দিনে-নিশাই দায়িত্ব পালন কৰাৰ উপৰিও উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে দৰিদ্ৰ ৰাইজৰ অভাৱক উপলব্ধি কৰি সহায়ৰ হাত আগবঢ়াইছে। তেওঁৰ এই কাৰ্যই খাকী পোছাকযোৰৰ আঁৰত থকা কোমল অন্তৰৰ মানুহকেইজনৰ ছবিখন প্ৰতিফলিত কৰিছে।

লগতে পঢ়ক:নিকিতা সৰকাৰৰ হত্যাকাৰীক আটক বাক্সা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.