মাণিকপুৰ, 21 মে’ : নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বান(Artificial flood in Bongaigaon) ৰ কবলত পৰিছে বঙাইগাঁও জিলাৰ ভিন্ন অঞ্চল ৷ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঁহিবাৰী, বালাৰচৰ, কীৰ্তনপাৰা, জপেয়া আদিকে ধৰি জিলাখনৰ প্ৰায় অধিকাংশ অঞ্চলতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷
এই কৃত্ৰিম বানৰ বাবে বিনষ্ট হৈছে বিস্তৰ অঞ্চলৰ কৃষি ভূমি ৷ অধিকাংশ ঠাইতে পানীৰ তলত গেলি-পচি গৈছে ধান, মৰাপাটৰ উপৰিও বিভিন্ন শাক-পাচলি ৷ এবুকু পানীৰ তলৰ পৰাই কেঁচা ধান চপাবলৈ বাধ্য হৈছে কৃষকসকলেও ৷ উল্লেখ্য যে, চ’ত মাহৰ শেষৰ পৰাই একেধাৰে বৰষুণ হোৱাত কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
অসম চৰকাৰৰ লগতে জিলা প্ৰশাসনক সহায়ৰ আহ্বান জনাইছে ভুক্তভোগীসকলে ।
লগতে চাওক: অভয়াপুৰীত নিৰ্মাণৰ এমাহ নৌহওঁতেই খহি পৰিল পকী দেৱাল