ETV Bharat / state

বঙাইগাঁৱৰ পাতিলাদহাত কৃত্ৰিম বানপানী - patiladoha artificial flood

পাতিলাদহা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মানাহ অভয়াৰণ্য লৈ যোৱা পথত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানীৰ । পথছোৱা পুনৰ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ ৷

বঙাইগাঁৱৰ পাতিলাদহাত কৃত্ৰিম বানপানী
বঙাইগাঁৱৰ পাতিলাদহাত কৃত্ৰিম বানপানী
author img

By

Published : May 16, 2021, 5:41 PM IST

বঙাইগাওঁ, 16 মে': বঙাইগাওঁ জিলাৰ পাতিলাদহা 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মানাহ অভয়াৰণ্য লৈ যোৱা পানবাৰী পথত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানপানীৰ । ৩১নং ঘাইপথৰ পৰা 1 কিলোমিটাৰ দূৰত্বত অৱস্থিত পাতিলাদহা অৰ্ধ-সাপ্তাহিক বজাৰ । যিখন বজাৰ অসমৰ সাপ্তিহিক বজাৰৰ ভিতৰত অন্যতম । বজাৰৰ কাষতে আছে ৰে’ল ষ্টেচন ।

বঙাইগাঁৱৰ পাতিলাদহাত কৃত্ৰিম বানপানী

বঙাইগাঁও জিলাৰ এক উল্লেখযোগ্য স্থান হৈছে পাতিলাদহা বজাৰ আৰু নামনি অসমৰ উল্লেখযোগ্য স্থান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ পাতিলাদহাৰ মাজেৰে অভয়াৰণ্যলৈ দৈনিক শ শ পৰ্যটকৰ বাহন চলাচল কৰে ।

পথটো দুই বছৰ আগতে মেৰামতি কৰিছিল যদিও অতি নিম্ন মানৰ কাম হোৱা বাবে ছয় মাহ মানৰ ভিতৰতে জহি খহি যায় । পুনৰ পথটো মেৰামতি কৰিবলৈ নতুন চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : ধুবুৰীত কৰ'ণা ৰোগীক অৱজ্ঞা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.