ETV Bharat / state

Anganwadi worker: অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

author img

By

Published : Aug 17, 2023, 7:59 PM IST

অংগনৱাড়ী কৰ্মীয়ে গাঁওবাসীক অন্ধকাৰত ৰাখি শিক্ষাৰ্থীক প্ৰধানমন্ত্ৰী মাইক্ৰ’ বন্ধনা যোজনাৰ জৰিয়তে এককালীন সাহাৰ্যৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

anganwadi worker allegedly involved in corruption
অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মাণিকপুৰ, 17 আগষ্ট : ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক নিকাভাৱেৰে নিজা কৰ্তব্য সম্পাদনা কৰিবলৈ বাৰম্বাৰ নিৰ্দেশনা দি অহাৰ পিচতো গা ল’ৰা নাই একাংশ কৰ্মচাৰীৰ ৷ এইবাৰ বঙাইগাওঁ জিলাৰ সীমামূৰীয়া কিছমৎদ্বাৰিকা উত্তৰপাৰা 74 নং অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী মীনা বালা ৰায়ৰ বিৰুদ্ধে স্থানীয় লোকে বহু অভিযোগ উত্থাপন কৰিছে ৷ বৃহস্পতিবাৰে স্থানীয় ৰাইজে ৰাইজ মেল পাতি কৰ্মীগৰাকীক জবাবদিহি কৰে ৷

কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মাইক্ৰ’ বন্ধনা যোজনাৰ জৰিয়তে কণ কণ শিক্ষাৰ্থীক এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ বাবে শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত অনলাইন যোগে আবেদন কৰিবলৈ দিছিল যদিও অংগনৱাড়ী কৰ্মীগৰাকীয়ে গাঁৱৰ কোনো ব্যক্তিকে অৱগত নকৰি নিজৰ বংশৰ আঠটাকৈ ল’ৰা-ছোৱালীৰ ফৰ্ম অনলাইন কৰি গাঁওখনৰ অন্য শিক্ষাৰ্থীক খবৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

এই কথা ইকাণ সিকাণকৈ গাঁৱত খৱৰ বিয়পি পৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ৰাইজৰ প্ৰশ্নৰ উত্তৰত কৰ্মীগৰাকীয়ে কয় যে, অনলাইন কৰোঁতে 8 টা তথ্যৰ প্ৰয়োজন হয় আৰু অতি কম সময়ৰ নিৰ্দিষ্ট তথ্য যোগাৰ কৰিব নোৱাৰিব বুলি ভাবি ৰাইজক জনোৱা নাই। অথচ তেওঁ নিজে নাজানে যে 8 টা তথ্যৰ ভিতৰত যিকোনো 3 টা তথ্য হ’লেই শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব । কৰ্মীগৰাকীৰ অজ্ঞতা আৰু ভুলৰ বাবে গাওঁখন আঁচনিৰ পৰা বঞ্চিত হ’ল বুলি গাঁওবাসীয়ে জাঙুৰ খাই উঠে ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে।

অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী মীনা বালা ৰায়ে কয় যে, তেওঁ গাঁওবাসীক এই কথা পূৰ্বতেই জনাইছিল ৷ কিন্তু তেওঁলোকৰ হাতত পৰ্যাপ্ত তথ্যৰ অভাৱতহে তেওঁলোক বঞ্চিত হ’বলগীয়া হৈছে ৷

ইফালে স্থানীয় লোকে কয় যে, তেওঁলোকক এই সম্পৰ্কে জনোৱাই নাছিল আংগনৱাড়ী কৰ্মীগৰাকীয়ে ৷ গাঁওবাসীৰ হাতত সকলোধৰণৰে তথ্য মজুত আছিল ৷

লগতে পঢ়ক: Rangia pregnant woman suicide case: ৰঙিয়া আৰক্ষীৰ জালত কনিষ্টবল তথা অভিযুক্ত স্বামী প্ৰাঞ্জিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.