বঙাইগাঁও, 27 ছেপ্টেম্বৰ : ২০২২ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ উৎযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল । তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি এক মহৎ স্বপ্ন সকলোৰে আগত দাঙি ধৰিছিল ৷
অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুন্ঠ প্ৰেৰণাত অসমত ২০ ছেপ্টেম্বৰ ২০২৩ ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হয় । ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত মাণিকপুৰ গাঁও পঞ্চায়তৰ বৰবিলা ৫/৬ নং ৱাৰ্ডৰ পৰা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আৰু সেউজ অসম ভি অৰ সহযোগত অমৃত কলহ যাত্ৰাৰ শুভ আৰম্ভ কৰা হয় ।
২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ পৰা মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰা হ’ব । মাণিকপুৰ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বি পি এম আৰু মাণিকপুৰ গাঁও পঞ্চায়তৰ সভাপতিৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলে ।উল্লেখ্য যে, ২ অক্টোবৰত ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল নিজ নিজ পঞ্চায়তৰ অমৃত কলহত দান কৰা হ’ব । লগতে এই অনুষ্ঠানতে দেশৰ বাবে সেৱা আগবঢ়োৱা মুক্তিযুঁজাৰু, সেনা বিষয়া, কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ বিষয়া, জোৱান, বীৰাংগনা নাৰী তথা আৰক্ষী বিষয়াক সম্বৰ্ধনা জনোৱা হ’ব । ৮ আৰু ১৫ অক্টোবৰৰ ভিতৰত খণ্ড উন্নয়নৰ কাৰ্যালয়লৈ মৰ্যদা সহকাৰে মাটি বা চাউল সংমিশ্ৰণ কৰি দান দিয়া হ’ব ।
এই অনুষ্ঠানতে অভিভাৱক মন্ত্ৰী, সমাজ সেৱক, শিক্ষাবিদসকলৰ অংশ গ্ৰহণেৰে গাম্ভীৰ্যপূৰ্ণভাৱে এক সভা অনুষ্ঠিত কৰা হ’ব । চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানত ১৫ অক্টোবৰত অনুষ্ঠান সম্পন্ন কৰা হ’ব । ২৫ অক্টোবৰত সংগৃহীত পৱিত্ৰ মাটিৰে পূৰ্ণ পিতলৰ দুটা কলহ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব । ২৬ অক্টোবৰত কলাক্ষেত্ৰত সংগৃহীত ২৭০ টা পিতলৰ কলহ দিল্লী লৈ প্ৰেৰণৰ বাবে সাজু কৰা হ’ব ।
২৭ অক্টোবৰত ৰাজধানী এক্সপ্ৰেছৰ এক নিৰ্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ডত পৌৰসভাৰ পৰা সংগৃহীত ২৭০ টা কলহ লৈ নিৰ্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰি ২৮ অক্টোবৰত দিল্লীত উপস্থিত হৈ অসম হাউছত সংৰক্ষণ কৰিব । ইয়াৰ পিচত এই পৱিত্ৰ ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নিৰ্মীয়মাণ অমৃত বাটিকালৈ লৈ যোৱা হ’ব আৰু সেই স্থানতেই শ্ৰদ্ধা সহকাৰে অমৃত কলহ যাত্ৰা সম্পন্ন কৰিব ।
লগতে পঢ়ক : Amrit Kalash Yatra:ৰাইজৰ ঘৰে ঘৰে মাটি সংগ্ৰহ কৰিলে বিধায়ক তেৰছ গোৱালাই