ETV Bharat / state

বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ - অৱস্থান ধৰ্মঘট কাৰ্যসূচী

বুধবাৰে বঙাইগাঁৱৰ চেচাঁপানী গাঁৱত নিখিল ভাৰত কৃষক সভাই ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ প্ৰতিবছৰে সমগ্ৰ গাঁওখন আই নৈৰ পানীৰে বাৰিষা সময়ত ডুবি থাকে ৷ উপযুক্ত মথাউৰি নিৰ্মাণ নকাৰাৰ বাবেই দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অতিশীঘ্ৰে উপযুক্ত মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

All India Krishak Sabha Protest in Bongaigaon
বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ
author img

By

Published : Nov 11, 2020, 10:54 PM IST

বঙাইগাঁও, 11 নৱেম্বৰঃ বুধবাৰে বঙাইগাঁৱৰ চেচাঁপানী গাঁৱত নিখিল ভাৰত কৃষক সভাই ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ আই নদীৰ গৰাহখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাই দিনৰ এঘাৰ বজাৰ পৰা সংগঠনটোৰ অভয়াপুৰী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ, প্ৰতিবছৰে সমগ্ৰ গাঁওখন আই নৈৰ পানীৰে বাৰিষা সময়ত ডুবি থাকে ৷ উপযুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷

All India Krishak Sabha Protest in Bongaigaon
বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ

যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অতিশীঘ্ৰে উপযুক্ত মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰে ৷ তদুপৰি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলকো শীঘ্ৰে ক্ষতিপূৰণ আৰু গৃহহীণ হৈ মথাউৰিতে জীৱন নিৰ্বাহ কৰা সকলক আশ্ৰয় প্ৰদান কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃ বাঘজান অগ্নিকাণ্ডৰ ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.