বঙাইগাঁও, 13 অক্টোবৰ : অৱশেষত 36 ঘন্টাৰ পাচত বঙাইগাঁও জিলা প্ৰশাসনে পৰিদৰ্শন কৰিলে অক্ষয় চান্দ বৈদৰ ভস্মীভূত গুদাম ঘৰ । বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাচতে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিলে গুদাম ঘৰটো । অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অন্যতম অভিযুক্ত বঙাইগাঁৱৰ ব্যৱসায়ী অক্ষয় চান্দ বৈদৰ ঘৰত শনিবাৰে নিশা চি আই ডিয়ে তালাচী চলোৱাৰ পাচতে দেওবাৰে পুৱাৰ ভাগত গুদাম ঘৰ দুটা সন্দেহজনকভাৱে জ্বলি উঠিছিল ৷
কেলেংকাৰীৰ নথিসহ গুদাম ঘৰটো জ্বলাই দিয়াৰ সন্দেহ কৰি বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাত 36 ঘন্টাৰ পাচত বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে পৰিদৰ্শন কৰে গুদাম ঘৰটো ।
উল্লেখ্য যে, দেওৱাৰে পুৱাই জ্বলি যোৱা গুদাম ঘৰটো সম্পৰ্কত তদন্তৰ বাবে প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত সোমবাৰে কৃষক মুক্তি, আছু, গৰীয়া মৰীয়া, শিল্পী সমাজকে আদি কৰি কেইবাটাও সংগঠনে প্ৰতিবাদ জনাইছিল ।
লগতে পঢ়ক : উত্তৰ অসমবাসীৰ প্ৰতীক্ষাৰ অন্ত পেলাই চলিল ৰাজধানী এক্সপ্ৰেছ