বঙাইগাঁও, 23 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে বনৰৌৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে বনৰৌৰ চোৰাং ব্যৱসায়ৰ লগত জৰিত AIUDF নেতা অজিত কুমাৰ মালোক আটক কৰে আৰক্ষীয়ে ৷ বন বিষয়াৰ ভাষ্য অনুসৰি বিগত বৰ্ষৰ 29 ডিচেম্বৰত আটক কৰা দুজন বন্য প্ৰাণী সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অজিত কুমাৰ মালোক আটক কৰে ৷
দীৰ্ঘদিনৰ পৰা AIUDF নেতাগৰাকী বনৰৌৰ চোৰাং ব্যৱসায়ত জড়িত আছিল বুলি জানিবলৈ দিয়ে বন বিষয়াই । আনহাতে, বনবিভাগৰ আই উপত্যকা সংমণ্ডল, অভয়াপুৰী বনবিভাগ আৰু বিশেষ বন সুৰক্ষা বাহিনীৰ গোপন অভিযানত কৰায়ত্ত কৰিবলৈ সক্ষম হয় চিকাৰীজনক । উল্লেখ্য যে, চোৰাং ব্যৱসায়ী তথা AIUDF নেতা অজিত কুমাৰ মালোৰ পত্নী চলন্তাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ।