গোৱালপাৰা, 1 ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ(Demolished madrasa in Jogighopa) পাছত বৃহস্পতিবাৰে মাদ্ৰাছাখনত উপস্থিত হয় এআইইউডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলসহ এটি সজাতি দল । আজমলসহ এআইইউডিএফৰ সজাতি দলটোৱে ধ্বংসস্তূপত পৰিণত হোৱা মাদ্ৰাছাখন পৰিদৰ্শন কৰে ।
উল্লেখ্য যে, গোৱালপাৰা আৰক্ষীয়ে কেইদিনমান পূৰ্বে মাদ্ৰাছাখনৰ মুফতি হাফিজুৰ ৰহমানক জেহাদী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল । উচ্ছেদিত মাদ্ৰাছাখনত শিক্ষকতা কৰিছিল হাফিজুৰ ৰহমানে । সেই সন্দৰ্ভত মাদ্ৰাছাখন উচ্ছেদৰ কাৰণে(Madrasa Demolished After Teacher's Arrested) মঙলবাৰে বঙাইগাঁও জিলা প্ৰশাসনে মাদ্ৰাছা কমিটিক এখন জাননী প্ৰেৰণ কৰি পিছদিনাই অৰ্থাৎ বুধবাৰে মাৰ্কাজুল মা আৰিফ ও ক্কাৰিয়ানা মাদ্ৰাছাখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰিছিল ।
ইয়াৰ পাছতেই আজি অৰ্থাৎ বৃহস্পতিবাৰে মৌলানা বদৰুদ্দিন আজমলসহ এআইইউডিএফৰ এটি সজাতি দলে মাদ্ৰাছাখন পৰিদৰ্শন কৰে(AIUDF chief Visits Demolition Sites of Madrassas) । এআইইউডিএফৰ সজাতি দলটোৱে মাদ্ৰাছাখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে মাদ্ৰাছাখন উচ্ছেদ কৰিছে বুলি অভিযোগ কৰে(AIUDF chief slams CM for demolishing madrasas) ৷ তেওঁলোকে লগতে মাদ্ৰাছা উচ্ছেদ কাৰ্যকলাপ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক সকীয়াই দিয়াৰ লগতে অবৈধভাৱে উচ্ছেদ কৰা মাদ্ৰাছাখনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান