ETV Bharat / state

Manikpur Flood: হঠাৎ বাঢ়িল আই নদীৰ পানী, তলকিবই নোৱাৰিলে ৰাইজে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ । কীৰ্তনপাৰাৰ ডাঙাইগাওঁ সংযোগী ৰাস্তাৰ ওপৰেদি বাগৰিছে পানী । বিপদসংকুল যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ ।

aie river flood
বানৰ তাণ্ডৱ
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 10:29 PM IST

বানৰ তাণ্ডৱ

মাণিকপুৰ, 28 আগষ্ট : ৰাজ্যত ভদীয়া বানৰ তাণ্ডৱ চলি আছে ৷ ভদীয়া বানৰ তাণ্ডৱৰ মাজতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বিভিন্ন অঞ্চলত বানৰ ভয়ংকৰ ৰূপ । হঠাতে বাঢ়ি অহা আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ অঞ্চল । বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, বালাৰচৰ, কীৰ্তনপাৰা আদিকে ধৰি কুৰি খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে ৷ হঠাৎ বাঢ়ি অহা পানী দেখি ভীতিগ্ৰস্ত হৈ পৰে স্থানীয় ৰাইজ ৷ নিজ নিজ সন্তানৰ সুৰক্ষাৰ বাবে সকলো ওলাই আহে দৌৰি ৷

কীৰ্তনপাৰাৰ ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী । যাতায়ত ব্যৱস্থা হৈ পৰিছে ব্যাহত । বিপদসংকুল হৈ পৰাৰ পিচতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এইদৰে এবুকু পানীৰ মাজেৰে আগবাঢ়িছে নিজৰ ঘৰলৈ বুলি । ইফালে ট্ৰেক্টৰৰ ওপৰত উঠি ৰাস্তা পাৰ হ’ব লগীয়া হৈছে বাইক আৰোহী, পথচাৰী, পুৰুষ তথা স্থানীয় মহিলাসকল ।

আনহাতে আজি কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মানাহ নদীৰ দাতিকাষৰীয়া গাঁও বৰবিলা পশ্চিম, খৰিবাৰী, ১,২,নং ধুপুৰী, শালমাৰা, লুংঝাৰ, ভাটিপাৰা, নোৱাপাৰা, পাতিলাদহা আদিৰ বজাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে । গাঁৱৰ ৰাইজে বিভিন্ন সমস্যাত দিন অতিবাহিত কৰিব লগাত পৰিছে ।

বিশেষকৈ পশুধনৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এই বানে । খাদ্যৰ অভাৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে পশুধনৰ খাদ্যৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে । প্ৰতিটো বানপানীত এনেদৰে হাহাকাৰ কৰিবলগীয়া হয় এই অঞ্চলৰ ৰাইজে । স্থানীয় বিধায়ক আব্দুল বাতেন খন্দকাৰৰ ওপৰত একেমুখে ক্ষোভ উজাৰিছে সকলোৱে ।

লগতে পঢ়ক : Lakhimpur flood:লখিমপুৰত ভদীয়া বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.