ডুমডুমা,5 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ডুমডুমাত দেওবাৰে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত চহৰখনৰ মাজমজিয়াত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি চি এ এ আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ বাকৰিৰ পৰাই বীৰ লাচিত সেনাৰ সদস্যসকলে কাৰাবন্দী নেতা অখিল গগৈ,শৃংখল চলিহা,অমিতাভ শৰ্মাৰ মুক্তিৰ দাবী কৰে ৷
বঙাইগাঁওঃ দেওবাৰে বঙাইগাঁৱত আছুই গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ জিলাখনৰ বৰপাৰাস্থিত আছুৰ শ্বহীদ ভৱনত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদস্বৰূপে গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷
একে সময়তে বঙাইগাঁৱত অনুষ্ঠিত হয় অগপৰ সতীৰ্থ সন্মিলন ৷ সমগ্ৰ ৰাজ্যৰ প্ৰতিটো অঞ্চলত চি এ এ বিৰোধী আন্দোলন চলি থকাৰ মাজতে নিজৰ দুৰ্গ অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত জিলাখনত দেওবাৰে উপস্থিত হয় স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ স্থানীয় বৰপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় অগপৰ এই সন্মিলন ৷ উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছতে অগপত দলত্যাগৰ জোঁৱাৰ পৰিলক্ষিত হৈছে ৷ মন্ত্ৰীগৰাকীক এই কাৰ্যত সংগ দিয়ে দলটোৰ জ্যেষ্ঠ সদস্য তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই ৷
আনহাতে,বঙাইগাঁও সমষ্টিৰ উপৰিও সভাখনত উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰপৰাও দলীয় কৰ্মী আনি শক্তি প্ৰদৰ্শন কৰে চৌধুৰীয়ে ৷ ইপিনে জিলাখনৰ একাংশ এলেকাত অগপ দলে কোঁচ-ৰাজবংশীসকলক কমতাপুৰ স্বায়ত্বশাসন পৰিষদ প্ৰদান কৰাৰ বাবে বিজয় উৎসৱ পতা বুলি আঁভুৱা ভাৰি সভালৈ আনে শতাধিক লোকক ৷ সভাখনত মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ লগত থাকিয়ে ৰাইজৰ হকে যুঁজ কৰিব বুলি ভাষণত প্ৰকাশ কৰে ৷ চৰকাৰৰ লগত থকাৰ বাবেই কমতাপুৰ পুনৰ ঘুৰাই পোৱা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
স্মৰ্তব্য যে,সতীৰ্থ সন্মিলনখনত নাগৰিকত্ব সংশোধনী আইনৰ কথা এবাৰো উল্লেখ নকৰিলে অগপৰ মন্ত্ৰী বিধায়ক কেইগৰাকীয়ে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায় অগপৰ সভাপতি অতুল বৰাক ৷ ক্ষমতাত নাথাকিলে আবোল-তাবোল বকি থাকে বুলি কৈ কংগ্ৰেছক কঠোৰ সমালোচনা কৰে সভাত অংশ লোৱা অগপৰ মন্ত্ৰী-বিধায়কসকলে ৷ ইফালে সভাখনৰ বাবে বঙাইগাঁৱলে অহা অগপৰ মন্ত্ৰী-বিধায়কক ক’লা পতাকা প্ৰদৰ্শন কৰে আছুৰ বিষয়ববীয়াসকলে ৷
গুৱাহাটীঃ দেশজুৰি অব্যাহত থকা সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ ঢৌ অব্যাহত আছে গুৱাহাটী মহানগৰীতো ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁও হাইস্কুল প্ৰাংগণতো দেওবাৰে পশ্চিম গুৱাহাটী বিকাশ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশাল প্ৰতিবাদী সভা । কোনো কাৰণতে এই আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে সভাত উপস্থিত ৰাইজে । ইফালে প্ৰতিবাদী সভাখনত অংশগ্ৰহণ কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই,জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঁঞা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
চৰকাৰী ভয়-ভাবুকি আৰু দমন নীতিৰ বিৰুদ্ধে আক্ৰমণাত্মক বিশ্লেষণ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঁঞাই । চৰকাৰে যিমানেই দমন নচলাওঁক কিয় চি এ এ প্ৰত্যাহাৰ নোহোৱা পৰ্য্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । লগতে মহাত্মা গান্ধীয়ে দেখুওৱা অহিংস পথেৰে প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইয়ে ৷
লগতে চাওকঃবগৰী খাবলৈ গৈ সন্ধানহীন লিডুৰ দুই যুৱতী