ETV Bharat / state

Man in police custody commits suicide : যোগীঘোপা থানাৰ আচামীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Oct 19, 2022, 6:14 PM IST

যোগীঘোপা আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীৰ জিম্মাত থকা আচামীয়ে বাছি ল'লে আত্মহত্যাৰ পথ (Man commits suicide in police custody)। আত্মহত্যা নেকি আৰক্ষীৰ এনকাউণ্টাৰৰ নতুন কৌশল ! বিভিন্ন মহলত প্ৰশ্ন ।

Man in police custody commits suicide
যোগীঘোপা থানাৰ আচামীৰ ৰহস্যজনক মৃত্যু

গোৱালপাৰা,১৯ অক্টোবৰ : ৰাজ্যত অপৰাধ নিৰ্মূলৰ বাবে কঠোৰ পদক্ষেপ লৈছে অসম আৰক্ষীয়ে । বিগত প্ৰায় ১ বছৰত অপৰাধীৰ বিৰুদ্ধে কেইবাটাও এনকাউণ্টাৰ চলাইছে অসম আৰক্ষীয়ে (Assam police encounter)। আৰক্ষীৰ গুলীত নিহত হোৱাৰ লগতে আহত হৈছে বহু অপৰাধী । ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ এনে এনকাউণ্টাৰ চলি থকাৰ মাজতে বঙাইগাঁৱৰ যোগীঘোপাত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Bongaigaon)।

আৰক্ষীৰ জিম্মাত থকা আচামীয়ে ৰহস্যজনক আত্মহত্যা কৰাক লৈ তীব্ৰ উত্তেজনা যোগীঘোপাত (Mysterious death of man in Police station)। আব্দুল জব্বাৰ নামৰ আচামীজনে থানাৰ শৌচালয়ত চিপ লৈ আত্মহত্যা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

যোগীঘোপা থানাৰ আচামীৰ ৰহস্যজনক মৃত্যু

উল্লেখ যে, বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ লকআপৰ শৌচালয়ত নিশা প্ৰায় ৩:৩০ মান বজাত আব্দুল জব্বাৰ নামৰ আচামীগৰাকীয়ে ৰহস্যজনকভাৱে আত্মহত্যাক কৰে । জানিব পৰা মতে মঙলবাৰে গৰু চুৰিৰ ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে আটক কৰিছিল আব্দুল জব্বাৰ নামৰ লোকজনক । তাৰ পাছতে যোগীঘোপা থানাত তেওঁ সোধা-পোছা কৰা হৈছিল । নিশা থানাৰ লকআপতে আছিল অভিযুক্ত জব্বাৰ ।

কিন্তু ৰহস্যজনকভাৱে পুৱতি নিশা থানাৰ শৌচালয়ৰ ভিতৰত চিপ লোৱা অৱস্থাত জব্বাৰৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে (Accused commits suicide in Jogighopa)। আৰক্ষীৰ জিম্মাত থকা লোকে কেনেদৰে আত্মহত্যা কৰিব পাৰিলে ? তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । এই আত্মহত্যাক পৰিয়াল আৰু স্থানীয় দল-সংগঠনে সহজভাৱে মানি ল'ব পৰা নাই ।

নিশা কৰ্তব্যৰত আৰক্ষী থকাৰ পিছতো লকআপত থকা লোক এজনে কেনেকৈ শৌচালয়ত চিপ লৈ আত্মহত্যা কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে । পৰিষদে অভিযোগ কৰা মতে, এয়া অসম আৰক্ষীৰ এনকাউণ্টাৰৰ নতুন কৌশল ! সমগ্ৰ ঘটনাটো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সংগঠনটোৱে । জানিব পৰা পৰা মতে, ইতিমধ্যেই এই ঘটনাক কেন্দ্ৰ কৰি কৰ্তব্যৰত আৰক্ষী এজনক নিলম্বিত কৰা হৈছে ।

লগতে পঢ়ক :Silver smuggling: ৰঙিয়াত ৰূপৰ অলংকাৰ জব্দ, বাছ চালকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.