ETV Bharat / state

ABMSU President Murder Case:এবিএমছুৰ নেতাৰ হত্যাকাৰীক শাস্তিৰ দাবী - Upcoming Election

ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডই আজি 6 টা বছৰ অতিক্ৰম কৰিলে ৷ প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ মৃত্যুৰ দিনটোক এবিএমছুয়ে ছাত্ৰ সংহতি দিৱস হিচাপে পালন ৷ ‘নিৰ্বাচনত প্ৰমোদ বড়ো চৰকাৰক ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়া হ’ব ৷’ হুংকাৰ এবিএমছু নেতাৰ

ABMSU President Murder Case
এবিএমছুৰ নেতা হত্যাকাৰীক শাস্তিৰ দাবী
author img

By

Published : Aug 1, 2023, 8:03 PM IST

এবিএমছুৰ নেতা হত্যাকাৰীক শাস্তিৰ দাবী

বঙাইগাঁও,1 আগষ্ট: এবিএমছুৰ নেতা লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডই আজি 6 টা বছৰ অতিক্ৰম কৰিলে ৷ প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ মৃত্যুৰ দিনটোক এবিএমছুয়ে ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰে । মঙলবাৰে বিজনী এবিএমছুৰ উদ্যোগত পাণবাৰী আঞ্চলিক এবিএমছু সমিতিৰ সহযোগত ছাত্ৰ সংহতি দিৱস পালন কৰে ৷

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে এবিএমছুৰ কেইবাজনো শীৰ্ষ নেতৃত্বই ৷ ছাত্ৰ সংহতি দিৱস কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ছাদেক আলিৰ দাবী,’’ শীঘ্ৰে ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি শাস্তি দিয়ক ৷ বিটিচি প্ৰশাসন, অসম চৰকাৰে হত্যাকাৰীক শীঘ্ৰ গ্ৰেপ্তাক কৰি কঠোৰ শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি ক’ত গ’ল ! 6 টা বছৰে একো ফল নাপালো ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব ৷ 2025 চনত হ’ব লগা বিটিচিৰ নিৰ্বাচনত প্ৰমোদ বড়ো চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ব ৷’’

স্মৰ্তব্য যে ২০১৭ চনৰ ১ আগষ্টত কোকৰাঝাৰৰ তিতাগুৰীৰ বজাৰৰ এখন দোকানত দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদক। এই ঘটনা 6 টা বছৰ পাৰ হৈ গ’ল যদিও প্ৰয়াত লাফিকুলৰ দুৰ্ভগীয়া পৰিয়ালে কোনো ন্যায় নাপালে ৷

ইফালে বিজনী জিলা এবিএমছুৰ সভাপতি মুক্তাকিন ৰহমানে কয়, ’’এজন সুযোগ্য সন্তানক দিন দুপৰীয়া গুলীয়াই হত্যা কৰা হ’ল ৷ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰিলে এবিএমছুৰ লগতে বিভিন্ন দল সংগঠনে ৷ তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে অতি কম দিনৰ ভিতৰতে মূল দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিব বুলি ৰাজহুৱা ঘোষণা কৰিছিল। কিন্তু ৰাজ্যবাসীক সেয়া সান্তনা দিয়াৰ নাটকহে আছিল ৷’’

লগতে পঢ়ক:Land dispute clash :অবৈধ বেদখল; ভূমি স্বত্বাধিকাৰীক মাৰপিট কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.