ETV Bharat / state

বিজুলী সংযোগ য’ত মাথো এটা প্ৰতিশ্ৰুতিহে হয় - নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতেন খণ্ডকাৰ

স্বৰাজোত্তৰ ভাৰতত বিদ্যুতৰ মুখ নেদেখা এখন গাঁও । পোহৰৰ নামত তেলৰ চাকিৰ ধিমিক-ধামাক পোহৰত চলা গাঁওখনৰ ২০০ টাকৈ পৰিয়ালে জনপ্ৰতিনিধিৰ পৰা বিজুলী সংযোগৰ নামত লাভ কৰিছে কেৱলমাত্ৰ প্ৰতিশ্ৰুতি ৷

a-village-without-electricity
বিজুলী সংযোগ য’ত মাথো এটা প্ৰতিশ্ৰুতি হ’য়
author img

By

Published : Jul 12, 2021, 7:53 PM IST

মাণিকপুৰ, 12 জুলাই : বঙাইগাঁও জিলাৰ কাছাৰপেটি আৰু ৰাঙাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ ৰাইজে আজিকোপতি দেখা নাই বিদ্যুতৰ মুখ ৷ দেশৰ স্বৰাজোত্তৰ কালৰ কেইবাদশক পাৰ হ’ল কিন্তু এই সময়চোৱাত শাসনলৈ অহা প্ৰতিখন চৰকাৰেই সৰ্বসাধাৰণক উন্নয়নৰ কেৱল প্ৰতিশ্ৰুতি দি আহিছে ৷ পিছে জনগণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা কোনো এখন চৰকাৰৰ দিনতে বিজুলীৰ সংযোগৰ প্ৰতিশ্ৰুতিয়ে বাস্তৱত ৰূপায়িত হোৱা নাই ৷

বিজুলী সংযোগ য’ত মাথো এটা প্ৰতিশ্ৰুতি হ’য়

বিজুলী, পানী ঘৰে ঘৰে উপলব্ধ কৰোৱাৰ চৰ্তত দেশৰ শাসনৰ মছনদত বহিছিল নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ (Union government lead by Narendra Modi) ৷ ইয়াৰ লগতে, দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক চাব খোজা ৰাজ্য চৰকাৰৰো যেন কাণসাৰ নাই বাঘমাৰাবাসীৰ এই সমস্যাৰ ওপৰত ৷ উত্তৰ অভয়াপুৰী সমষ্টি (North Abhayapuri LAC)ৰ অন্তৰ্গত এই গাঁওখনৰ ৰাইজে অভিযোগ কৰিছে যে, পূৰ্বৰ বিধায়ক সকলৰ কোনোৱেই এই গাঁওখনত বিজুলী সংযোগ কৰাৰ ইচ্ছা প্ৰদৰ্শন নকৰি মাথো প্ৰতিশ্ৰুতি দিয়েই কাম সামৰিলে ৷ ৰাইজে এতিয়া আশা কৰিছে নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতেন খণ্ডকাৰে (Abdul Baten Khandekar) প্ৰতিশ্ৰুতিৰ সলনি ৰাইজৰ সমস্যাৰ অনুধাৱন কৰি গাঁওখনত বিজুলী সংযোগৰ ব্যৱস্থা কৰিব ৷

কিন্তু, বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীয়েও এই সম্পৰ্কত সদ্ভাৱনা প্ৰদৰ্শন কৰা নাই ৷ শেহতীয়াকৈ, ৰাজ্যৰ শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই (power minister Bimal Bora) বিভাগীয় কামকাজত যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে ৷

শেহতীয়াকৈ শক্তিমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে, তেওঁৰ দিনত ৰাজ্যত বিদ্যুৎ পৰিবহনৰ বাবে ব্যৱহাৰ কৰা কাঠ-বাঁহৰ খুটা আৰু মকৰা জালৰ দৰে বিয়পি পৰা বিদ্যুৎ পৰিবাহী তাঁৰ নিয়ন্ত্ৰণৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ কিন্তু, এতিয়া সচেতন মহলে প্ৰশ্নৰ উত্থাপন কৰিছে যে, বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হোৱা একাংশ ৰাজ্যবাসীক বিদ্যুৎ যোগানৰ বাবে শক্তিমন্ত্ৰী গৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিব নে নকৰে ৷ ইয়াৰ অন্যথা, বিজুলীৰ অবিহনে শিক্ষাৰ্থীৰ ভৱিষ্যতো অন্ধকাৰৰ দিশে যোৱাৰ লগতে চোৰ-ডকাইতৰ ত্ৰাসত দিন পাৰ কৰিব লাগিব এনে সমূহ গাঁৱৰ বাসিন্দাই ৷ অনাগত সময়ত এই বিষয়ত মন্ত্ৰী গৰাকীৰ পদক্ষেপ হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱক লৈ তীব্ৰ হুলস্থূল বিধানসভাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.