ETV Bharat / state

অভয়াপুৰীৰ ৰাজীৱ ভৱনত ৭৯ সংখ্যক ভাৰত ত্যাগ দিৱস পালন - অসম প্ৰদেশ কংগ্ৰেছ

বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অভয়াপুৰীৰ ৰাজীৱ ভৱনত সোমবাৰে ৭৯ সংখ্যক ভাৰত ত্যাগ দিৱস পালন কৰা হয় । টাপাট্টাৰী ব্লক কংগ্ৰেছ‌ কমিটীৰ সভাপতি কেৰামত আলি আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আবুল কাশেমে পতাকা উত্তোলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে ৷

79th Quit India Day
অভয়াপুৰীৰ ৰাজীৱ ভৱনত ৭৯ সংখ্যক ভাৰত ত্যাগ দিৱস পালন
author img

By

Published : Aug 9, 2021, 10:49 PM IST

বঙাইগাঁও, 9 আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অভয়াপুৰীৰ ৰাজীৱ ভৱনত সোমবাৰে ৭৯ সংখ্যক ভাৰত ত্যাগ দিৱস পালন কৰা হয় । এই উপলক্ষে আয়োজন কৰা সভাখন টাপাট্টাৰী ব্লক কংগ্ৰেছ‌ কমিটীৰ সভাপতি কেৰামত আলি আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আবুল কাশেমে পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰে ৷ সভাৰ প্ৰথমতে ভাৰত ত্যাগ আন্দোলন নেতৃত্ব লোৱা মহামানৱ মহাত্মা গান্ধী আৰু গান্ধীজী সতীৰ্থ সকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷

উল্লেখ্য যে, ১৯২১ চনৰ পৰাই সংগঠিত ৰূপত গঢ় লোৱা এই সংগ্ৰাম ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহি ১৯৪২ চনত চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল । স্বাধীনতা আন্দোলনক চূড়ান্ত পৰ্যায়ত উপনীত কৰা বিয়াল্লিছৰ গণ আন্দোলন দৰাচলতে আছিল সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ ক্ৰমবিকাশৰেই ফল । ১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাই চহৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ বৈপ্লৱিক প্ৰস্তাৱ গ্ৰহণ কৰি বিদেশী শাসনত চৰম আঘাত সানিবলৈ জনগণক উৎসাহিত কৰি তুলিছিল ।

লগতে পঢ়ক:তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

গান্ধীজীয়ে ভাৰতৰ স্বাধীনতাৰ এয়েই শেষ আন্দোলন বুলি ব্ৰিটিছক ‘ভাৰত ত্যাগ’ৰ বাণীৰে সকীয়নি দিছিল । ১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ আৱেগিক গভীৰতা আৰু অভুতপূৰ্ব জনজাগৰণত স্বতঃস্ফুৰ্ত প্ৰকাশৰ গতি-বিধি লক্ষ্য কৰি ব্ৰিটিছ সিংহৰ মুঠি ঢিলা হৈ পৰিছিল ৷

ইয়াৰ পাচতে ব্ৰিটিছ চৰকাৰে ভাৰত এৰি যাবলৈ সিদ্ধান্ত ল’লে । অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতে স্বাধীনতা লাভ কৰে । সেই সময়ৰে পৰা 9 আগষ্ট দিনটোত ভাৰত ত্যাগ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ এই অনুষ্ঠান বঙাইগাঁও জিলা এন এছ ইউ আইৰ প্ৰাক্তন সভাপতি ছফিকুল ইছলাম, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম, টাপাট্টাৰী ব্লক যুৱ কংগ্ৰেছ‌ কমিটিৰ সভাপতি জিয়াৰুল হকৰ লগতে দলীয় ভিন্ন পৰ্যায়ৰ কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান আমাৰ অতিথিত সৌম্যদ্বীপ দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.