অভয়াপুৰী, ২৩ জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা অন্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)ৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ লগতে বহু সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ অসম আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযানত ইতিমধ্যে পুৰুষৰ লগতে বহু মহিলাক আটক কৰিবলৈ সক্ষম হৈছে ৷
বঙাইগাঁও চহৰৰ পাগলাস্থান বজাৰৰ ৰামা হোটেলত বুধবাৰে পুৱা আৰক্ষীয়ে অভিযান চলাই অবৈধ গাঞ্জাসহ সঞ্জীৱ শ্বাহ নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি সঞ্জীৱ শ্বাহে হোটেলখনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷ বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত বঙাইগাঁও চহৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীসহ আৰক্ষীৰ দলে চলোৱা এই অভিযানত হোটেলখনৰ চিলিঙত লুকুৱাই ৰখা অৱস্থাত পাঁচ কিল’গ্ৰাম অবৈধ গাঞ্জা জব্দ কৰে ৷
উল্লেখ্য যে, বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে লাগি থকা পাগলাস্থান বজাৰৰ এই হোটেলখনত দীৰ্ঘদিনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলি আহিছে ৷ মাজে-সময়ে আৰক্ষীয়ে অভিযান চলায় যদিও এই অবৈধ বেহা বন্ধ হোৱা নাছিল ৷ বৰ্তমান নামতহে হোটেল যদিও কেৱল গাঞ্জাৰ বেহাহে চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৰামা হোটেলৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: হেমন্ত চোৰেনৰ মানহানি গোচৰ : ফেচবুক আৰু টুইটাৰলৈ জাননী আদালতৰ