বঙাইগাঁও, 16 চেপ্টেম্বৰঃ সোমবাৰে পুৱতি নিশা উত্তৰ অভয়াপুৰীৰ মাণিকপুৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চুপাৰী ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এজন কৰ্তব্যৰত আৰক্ষী জোৱান ৷ এই দুৰ্ঘটনাটোত আন এজন জোৱান গুৰুতৰ ভাৱে আহত হয় ৷ নিহত জোৱানজন কোকিলা মৌলবীপাৰাৰ ৰমেজ উদ্দিন আহমেদ আৰু আহত জোৱান জন সৰভোগৰ দহলাপাৰাৰ কৃষ্ট ৰাম ৰায় বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি সোমবাৰে পুৱতি নিশা আৰক্ষী জোৱান জনে 31নং ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেড লগাই থকাৰ সময়তে হাউলীৰ পৰা কৰ্ণাটক অভিমুখী এখন RJO-GB-8069 নম্বৰৰ চুপাৰি ভৰ্তি ট্ৰাকে তীব্ৰ বেগত আহি আৰক্ষী জোৱান জনক মহতিয়াই নি ৰাস্তাৰ কাষত বাগৰি পৰে ৷ এই দুৰ্ঘটনাটোত আৰক্ষী জোৱান ৰমেজ উদ্দিন আহমেদ নিহত হোৱাৰ লগতে জোৱান কৃষ্ট ৰাম ৰায় গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপ আৰক্ষী অধীক্ষক অমৰজ্যোতি চৌধুৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ সম্প্ৰতি ট্ৰাকখন মাণিকপুৰ আৰক্ষী থানাৰ জিম্মাত আছে ৷