ETV Bharat / state

২ বছৰীয়া সন্তানসহ সন্ধানহীন বোৱাৰী

author img

By

Published : Jul 24, 2021, 12:26 PM IST

Updated : Jul 27, 2021, 5:59 PM IST

১২ জুলাইৰ পৰা এটা দুবছৰীয়া সন্তানসহ গহপুৰৰ এগৰাকী বোৱাৰী আৰু যুৱতী সন্ধানহীন হৈ আছে ৷ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত আউনীবাৰী গাঁৱৰ ৰাজীৱ দলে নামৰ লোকজনৰ পত্নী, ২ বছৰীয়া সন্তান আৰু ভনীয়েক ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হয় ৷

women from biswanath  missing with 2 year old child and and a 22 year old girl
২ বছৰীয়া সন্তান সহ গহপুৰৰ বোৱাৰী আৰু যুৱতী সন্ধানহীন

বিশ্বনাথ, 24 জুলাই : গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত আউনীবাৰী গাঁৱৰ ৰাজীৱ দলে নামৰ লোকজনৰ পত্নী পূৰ্ণিমা বড়ো দলে দুবছৰীয়া সন্তানসহ কিছুদিনৰ পৰা নিখোজ হৈ আছে ৷ দলেৰ ২২ বছৰীয়া ভগ্নী নিতুমণি দলেও বৌয়েকৰ লগতে ওলাই গৈছিল ৷ বিগত ১২ জুলাইত গহপুৰৰ কলাবাৰী চেণ্টাৰত ২ বছৰীয়া সন্তানটোৰ বাবে চেইন বনাবলৈ বুলি তিনিও ঘৰৰ পৰা ওলাই যায় ৷ বৰ্তমানলৈকে কাৰো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাই পৰিয়ালে ৷

ঘটনা সন্দৰ্ভত লোকজনে হাৱাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ উক্ত সময়ত লোকজন পথাৰত ব্যস্ত হৈ আছিল ৷ নিৰুদ্দেশৰ পূৰ্বে ভনীয়েকে বৌৱেকৰ সৈতে কলাবাৰীত থকাৰ কথা অৱগত কৰিছিল ককায়েকক ৷

women from biswanath  missing with 2 year old child and and a 22 year old girl
সন্ধানহীন বোৱাৰী গৰাকী আৰু যুৱতী গৰাকী

কিন্তু সন্ধিয়ালৈকে ভনীয়েক তথা লোকজনৰ পত্নী-সন্তান ঘৰলৈ ঘূৰি নাহিল । পৰৱৰ্তী সময়ত পূৰ্ণিমাই ওদালগুৰি জিলাৰ টংলাৰ মাকৰ ঘৰত থকা বুলি ৰাজীৱক ফোনযোগে জানিবলৈ দিয়ে ৷ ইফালে পূৰ্ণিমাৰ পিতৃ পৰিয়ালে যোৱা বুধবাৰে বিয়লি টংলা ৰে’ল ষ্টেচনৰ পৰা গহপুৰৰ ঘৰলৈ বুলি জীয়ৰীক এৰি থৈ যোৱাৰ খবৰ দিয়ে ৰাজীৱক ।

এই খবৰ লাভ কৰি ৰাজীৱে নিশালৈকে গহপুৰ ৰে’ল ষ্টেচনত পত্নী-সন্তান আৰু ভনীয়েকৰ বাবে অপেক্ষা কৰে ৷ কিন্তু পত্নী আৰু আন দুগৰাকী সদস্যৰ কোনো সন্ধান লাভ নকৰাত স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । পূৰ্ণিমাৰ ফোনটোও বন্ধ হৈ থকাত পৰিয়ালটোৱে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই ৷

লগতে পঢ়ক : নলবাৰীত ক'ভিড ভেকচিন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

Last Updated : Jul 27, 2021, 5:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.