বিহালী, ২৬মে : বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানা অন্তৰ্গত বুৰৈঘাটত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ স্থানীয় লোকে সদৰি কৰা মতে বিহালী আৰক্ষী থানাৰ সমীপৰ ৰে'ল লাইনৰ পৰা প্রায় এক মিটাৰ নিলগত মৃতদেহটো পৰি আছিল ৷
মহিলা গৰাকী দুয়োখন ভৰি কটা আছিল ৷ মহিলা গৰাকীক যৌন নির্যাতন চলাই হত্যা কৰি আত্ম হত্যাৰ ৰূপ দিব চেষ্টা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
বিহালী আৰক্ষীৰ সহযোগত ৰে'লৱে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে ৷ ইয়াৰ পাচতে বিহালী প্ৰাথমিক চিকিৎসালয়ত মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত হোৱা নাই বুলি আৰক্ষীৰ সুত্ৰই সদৰি কৰিছে ৷
লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ