ETV Bharat / state

বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী

author img

By

Published : Jul 26, 2021, 5:53 PM IST

বিহালী বনাঞ্চলত আৱিষ্কৃত হৈছে বহু আপুৰুগীয়া উদ্ভিদ তথা দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী ৷ পৃথিৱীৰ ক’তো নোপোৱা ক্ল'ৰ'ফাইটিমা আছামিকাম নামৰ এবিধ স-পুষ্পক উদ্ভিদ পোৱা গৈছে এই বনাঞ্চলত । যাৰ বাবে বিভিন্ন দল-সংগঠনৰ দাবী বিহালী বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে ৷

Will be the Bihali forest be a sanctuary
বিহালী বনাঞ্চলখন অভয়াৰণ্য হ’ব নে !

বিশ্বনাথ, 26 জুলাই : অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ পূৱ হিমালয়ৰ পাদগিৰিত অৱস্থিত এখন ক্ৰান্তীয় চিৰসেউজ বনাঞ্চল হৈছে বিহালী সংৰক্ষিত বনাঞ্চল । প্ৰাৰম্ভিকতে বিহালী সংৰক্ষিত বনাঞ্চলখন ১৪০ বৰ্গকিল’মিটাৰ ক্ষেত্ৰফলৰে আগুৰি আছিল ৷ কিন্তু আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতি আৰু জনসংখ্যাৰ বিস্ফোৰণৰ ফলস্বৰূপে মানুহে বনাঞ্চলখন ধংস কৰা পৰিলক্ষিত হৈছে ৷

ফলত বৰ্তমান ৮০ বৰ্গকিল’মিটাৰ ক্ষেত্ৰফলহে আগুৰি আছে বনাঞ্চলখনে । বিহালী সংৰক্ষিত বনাঞ্চলখন বহুতো আপুৰুগীয়া বন্যপ্ৰাণীৰ বাসস্থান । স্থানীয় গৱেষকে এই বনাঞ্চলত গৱেষণা কৰাৰ অন্তত পোহৰলৈ আহিছে এই তথ্য ৷

এই বনাঞ্চলত প্ৰায় ৩০৮ বিধ সপুষ্পক উদ্ভিদ, ৩৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮২ বিধ পক্ষী, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১২ বিধ উভচৰ প্ৰাণীকে ধৰি ২৭৫ বিধতকৈও অধিক পখিলাই বাস কৰে ।

টুপীমূৰীয়া বান্দৰ, শৰ পহু, হৰিণ, লাজুকী বান্দৰ, নলগাহৰি, বাঘ, হাতী, বনৰীয়া চৰাই ইত্যাদিৰে সমৃদ্ধ এই বনাঞ্চলখন ৷ পৰ্যটকসকলে এই সকলোবোৰ প্ৰজাতিৰ জীৱ প্ৰত্যক্ষ কৰাৰ লগতে গছ-গছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ থল আছে । এই বনাঞ্চলতে পৃথিৱীৰ ক’তো নোপোৱা ক্ল'ৰ'ফাইটিমা আছামিকাম নামৰ এবিধ সপুস্পক উদ্ভিদ পোৱা গৈছে ।

বিহালী বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ দাবী

লগতে পঢ়ক: অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ

তদুপৰি ঔষধি মূল্য বহুত বেছি হোৱা আন ৬ বিধ উদ্ভিদ অসমত প্ৰথমবাৰৰ বাবে বিহালী বনাঞ্চলত আৱিষ্কৃত হৈছে । এই বনাঞ্চলতে পোৱা যায় বনৰীয়া কমলা, আপুৰুগীয়া ভোলা গছ । যি অসমৰ বাবে এক শুভ লক্ষণ ৷

কিন্তু বৰ্তমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ বাবে মানুহে হাবি-বন ধ্বংস কৰি খেতিপথাৰ মুকলি কৰাৰ বাবে বনাঞ্চলৰ জৈৱ-বৈচিত্ৰতা বিপন্ন হ’বলৈ ধৰিছে ৷ আনকি চোৰাং চিকাৰৰ ফলস্বৰূপে আপুৰুগীয়া গছ আৰু প্ৰাণীৰ সংখ্যা দিনক-দিনে কমি যাবলৈ ধৰিছে ৷ যাৰ ফলত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি আহিছে ৷

লগতে পঢ়ক: কিয় কৰ্তব্যৰত বনকৰ্মীক আক্ৰমণ কৰিলে মাছমৰীয়াৰ দলে ?

সেয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰিছে উত্তৰ অসমৰ পৰিৱেশ সংৰক্ষণকাৰী সংস্থা নেচাৰ্চ বন্যপ্ৰাণ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সংগ্ৰামী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিশ্বনাথ জিলাবাসী । স্থানীয় বিধায়ক ৰঞ্জিত দত্তক এইক্ষেত্ৰত আগভাগ ল’বলৈ প্ৰকৃতিপ্ৰেমীসকলে আহ্বান জনাইছে ৷

লগতে পঢ়ক: প্ৰকৃতি সংৰক্ষণৰ পণ লোৱা এদল সদাজাগ্ৰত প্ৰহৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.