বিশ্বনাথ ,১৮ জুলাই : বৃহস্পতিবাৰে পুৱা বিশ্বনাথ ঘাটত উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত । বিশ্বনাথত উপস্থিত হৈ প্ৰথমে তেওঁ মন্দিৰত সেৱা আগবঢ়াই আৰু জিলা খনৰ গৰাখহনীয়া সমস্যাৰ বুজ লৈ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ।
আনহাতে অসমৰ সকলো মথাউৰি জল সম্পদ বিভাগৰ নহয় বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে আজি দিনযোৰা কাৰ্যসূচীৰে বিহালী, গহপুৰ আদি বান পীড়িত আৰু গৰাখহনীয়া অঞ্চলৰ সমূহ পৰিদৰ্শন কৰিব উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।