ETV Bharat / state

শোণিতপুৰত স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ কাৰ্যালয় মুকলি - গঠনটোৰ উদ্দেশ্য় সম্পৰ্কেও ব্য়াখ্য়া আগবঢ়ায়

Wariwarsৰ মুখ্য কাৰ্যালয় অস্থায়ী ভাৱে মুকলি শোনিতপুৰত । অনুষ্ঠানটোত জৰিত থাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০ সহস্ৰাধিক লোক (50 thousand people involved with Wariwars) ।

sonitpur
স্বেচ্ছাসেৱী সংগঠন ৱাৰিৱৰ্ছৰ কাৰ্যালয় মুকলি শোণিতপুত
author img

By

Published : Jun 13, 2022, 2:17 PM IST

বিশ্বনাথ, 13 জুন : শোণিতপুৰ জিলাৰ মহিলা সজাগতা আৰু গ্ৰাম্যোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম,চমুকৈ Wariwarsৰ মুখ্য কাৰ্যালয়টো অস্থায়ী ভাৱে দেওবাৰে মুকলি কৰা হয় (Wariwars office open at Sonitpur) । জিলাখনৰ কুসুমটোলাত উদ্ধোধন কৰা হয় উক্ত কাৰ্যালয়টো । পূৱা ৯ বজাত পতাকা উত্তোলন কৰে Wariwarsৰ ৰাজ্যিক সম্পাদিকা সুস্বপ্না হাজৰিকাই । ইয়াকে লৈ সদস্য় সকলৰ মাজত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰ পাছতে সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰে ৱাৰিৱৰ্ছৰ ৰাজ্যিক মুখ্য কাৰ্যালয়টো শুভ উদ্ধোধন কৰে শোণিতপুৰ জিলাৰ সম্পাদিকা বিৰতি বৰঠাকুৰে । তেওঁলোকে সংগঠনটোৰ উদ্দেশ্য় সম্পৰ্কেও ব্য়াখ্য়া আগবঢ়ায় । উক্ত অঞ্চলটোত কাৰ্যালয়টো মুকলি কৰা বাবে ৰাইজে সন্তোষ প্ৰকাশ কৰিছে(people satisfied for opening the office) ।

উক্ত সভাত উপস্থিত থাকে Wariwarsৰ অধ্যক্ষ উৎপল শিৱম,ৰাজ্যিক সম্পাদিকা সুস্বপ্না হাজৰিকা, ৰাজ্যিক সমন্বয়ক তথা বিশ্বনাথ জিলাৰ সম্পাদক অৰ্জুন চেত্ৰী,বিশ্বনাথ জিলাৰ উপদেষ্টা প্ৰিঞ্চ চামচুল হক, বিশ্বনাথ জিলা সভানেত্ৰী অঞ্জলি বৰুৱা, শোণিতপুৰ জিলা সভাপতি সুনীল আগৰৱলা, বিত্ত সম্পাদিকা স্মৃতি হাজৰিকা,ৰক্ত প্ৰশাসক পূজা আচাৰ্য,আইনী প্ৰশাসক ৰীমা হাজৰিকা আদি । এই অনুষ্ঠানটোত জামুগুৰি আঞ্চলিকৰ ৱাৰিৱৰ্ছৰ লগতে কুসুমটোলা আঞ্চলিকৰ সদস্য- সদস্যা লগতে অৰ্ধ শতাধিক লোক উপস্থিত থাকে ।

এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ১২ নম্বৰ অসম পুলিচ বেটেলিয়নৰ Commandantৰ পত্নী । উল্লেখযোগ্য যে ৰাজ্যৰ ৫০ সহস্ৰাধিক লোক (50 thousand people involved with Wariwars) জৰিত থকা এই সংগঠনটোৰ শাখা কাৰ্যালয় অসমৰ প্ৰতিখন জিলাতেই থকা বুলি জানিব দিয়ে ৱাৰিৱৰ্ছ অধ্যক্ষ উৎপল শিৱমে।

লগতে পঢ়ক: বোৱাৰীক নিৰ্যাতন চলাই ৰঙাঘৰলৈ স্বামী আৰু শাহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.