ETV Bharat / state

হাতে-হাতে লাঠি লৈ নিশাৰ ৰাজপথত কোন এওঁলোক ? - women defends against petty crimes in Assam

ক'ভিড আতংক তথা সান্ধ্য আইনৰ মাজতে হাতে হাতে লাঠি লৈ বিশ্বনাথৰ ৰাজপথত এদল মহিলাৰ তহল ৷ কিন্তু কিয় নিশাৰ ৰাজপথত মুকলিকৈ তহল দিছে এইসকল মহিলাই ? প্ৰকৃততে কোন এইসকল মহিলা ? জানিবলৈ চাওক এই প্ৰতিবেদন...

village women defends against petty crimes in Assam
হাতে-হাতে লাঠি লৈ নিশাৰ ৰাজপথত এদল মহিলা
author img

By

Published : Jul 12, 2021, 8:38 PM IST

বিশ্বনাথ, 12 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিডৰ আতংকৰ মাজতে ওৰে নিশা উজাগৰে থাকি বিশ্বনাথৰ ৰাজপথত তহল দিছে এদল মহিলাই ৷ কাৰ্ফিউ লাঘু হৈ থকা সময়তে হাতত লাঠি লৈ ৰাজপথত তহল দিছে মহিলাৰ দলটোৱে ৷ নিজ নিজ অঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থতে,ক'ভিড নীতি নিয়ম মানি এইদৰে নিশাৰ ৰাজপথত তহল দিছে গুপ্তকাশী বিশ্বনাথ ঘাটৰ দীঘলী পুখুৰী মটক গাঁৱৰ গাঁওৰক্ষী বাহিনী(VDP) আৰু বিশ্বনাথ ঘাট গাঁওৰক্ষী বাহিনীৰ মহিলা সকলে ৷ বছৰৰ প্ৰতিটো নিশাই এইসকল মহিলাই নিজৰ ঘৰুৱা কামৰ লগতে গাঁওখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তহল দিয়ে নিজৰ বৃহত্তৰ অঞ্চলটিত ৷

হাতে-হাতে লাঠি লৈ নিশাৰ ৰাজপথত এদল মহিলা

উল্লেখ্য যে, ৰাজ্যত আৰক্ষী,অৰ্ধ সামৰিক বাহিনীৰ লোকসকলে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হৈ দিনে নিশাই কাম কৰি আছে ৷ ঠিক সেই সময়তে এই সকল মহিলায়ো এগৰাকী দায়িত্বশীল মহিলা হিচাপে পালন কৰি আহিছে গাঁও খনৰ প্ৰতি থকা দায়িত্ব ৷ যি সময়ত কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে তেনে সময়তে দুপৰ নিশালৈকে গাঁও খনৰ সুৰক্ষাৰ স্বাৰ্থত এইসকল মহিলাই গ্ৰহণ কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় ৷

দলটোৰ গৰাকী মহিলাই জনোৱা মতে 2016 চনৰ পৰাই এইদৰে গাঁৱৰ সুৰক্ষাৰ বাবে পহৰা দি আহিছে এই মহিলা সকলে ৷ ৰাজ্যৰ বিভিন্ন স্থানত গাঁওৰক্ষী বাহিনী আছে আৰু চৰকাৰৰ ফালৰ পৰা গাঁওৰক্ষী বাহিনীলৈ কেতবোৰ সুবিধাও আগবঢ়োৱা হয় ৷ পৰাপক্ষত এইকামত নিয়োজিত হয় পুৰুষ ৷ কিন্তু বিশ্বনাথৰ এই মহিলা সকলে গাঁওৰক্ষাৰ কামত ব্ৰতী হৈ দাঙি ধৰিছে এক আদৰ্শ ৷

লগতে পঢ়কঃ কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.