বিশ্বনাথ , 28 নৱেম্বৰঃ বৃহস্পতিবাৰে বিয়লি বিশ্বনাথত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰাধ অনুসন্ধান ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা আৰু বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মোজাফাৰ হুছেইনৰ যৌথ অভিযানত বিশ্বনাথৰ বালিডুবি চাপৰিৰ পৰা দুই গড় চিকাৰী গ্ৰেপ্তাৰ হয় ৷ আটকাধীন দুই গড় চিকাৰীৰ পৰা আৰক্ষীয়ে মেগজিন সহ এটা 303 ৰাইফল উদ্ধাৰ কৰে ৷
তথ্য অনুসৰি কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত বালিডুবি চাপৰিয়েদি গড় হত্যাৰ উদ্দেশ্য উদ্যানখনত প্ৰৱেশ কৰিছিল ধৃত চোৰাং চিকাৰী দুটাই । তেনে সময়তে বন বিভাগে গোপন তথ্যৰ ভিত্তিত চোৰাং চিকাৰীদ্বয়ক আটক কৰে । ধৃত চোৰাং চিকাৰী দুটা ক্ৰমে জিনজিয়াৰ চিলামাৰী গাঁৱৰ ইমৰান আলি আৰু বিশ্বনাথ চাৰিআলিৰ কমাৰ গাঁৱৰ আয়ুব নবী ।