ETV Bharat / state

বন বিভাগৰ অভিযানত জব্দ অবৈধ খৰি ভৰ্তি বাহন - বৰগাং বনাঞ্চলিক বিষয়া

বিশ্বনাথৰ বৰগাং বনাঞ্চলিক বিষয়াৰ অভিযানত জব্দ অবৈধ খৰি কঢ়িওৱা বাহন ৷ বন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অঞ্চলটোত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷

truck full of wood seized in biswanath assam etv bharat news
অবৈধ খৰি ভৰ্তি বাহন জব্দ
author img

By

Published : Nov 25, 2020, 9:33 PM IST

বিশ্বনাথ,25 নৱেম্বৰ: বৰগাং আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অধীনষ্ঠ বিহালী সংৰক্ষিত বনাঞ্চলৰ সমীপত দীৰ্ঘদিনে অবৈধ খৰিৰ ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈছিল ৷ তিনিসূঁতি, পাভৈ, বৰগাং, বিহুমাৰী,ৰামপুৰ আদি এলেকাসমূহৰ পৰা দৈনিক খৰিৰ বাবদ মূল্যবান গছ-গছনি কাটি দৈনিক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল একাংশ দুষ্কৃতিকাৰীয়ে ৷ মঙলবাৰে নিশা প্ৰায় ৮ বজাত বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী তুলসী মহন্তৰ নেতৃত্বত এটা বনকৰ্মীৰ দলে অভিযান চলাই ৰতোৱাৰ পৰা বৰগাঙলৈ যোৱা এখন এএছ ১২ চি ১৮৫৪ নম্বৰৰ খৰি-কাঠ ভৰ্তি টাটা ম’বাইল বাহন জব্দ কৰে ৷ বন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অঞ্চলটোত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বিভাগে এই অভিযান চলাইছিল বুলি জানিব পৰা গৈছে ৷

truck-full-of-wood-seized-in-biswanath-assam-etv-bharat-news
বন বিভাগৰ অভিযানত জব্দ অবৈধ খৰি ভৰ্তি বাহন

লগতে চাওকঃ পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.