ETV Bharat / state

বিহালীত ইটাভাটা মালিকৰ মইমতালিৰ বাবেই নাবালিকাৰ সলিল সমাধি - Tragic incident occurred due to mistake of brick factory owners

বিহালীত ইটাভাটা মালিকৰ মইমতালিৰ বাবেই ঘটিল এগৰাকী নাবালিকাৰ সলিল সমাধি ৷ ইটাভাটাই যধে-মধে খন্দা দ-পুখুৰীসদৃশ গাঁতত পৰি এদিনৰ ব্যৱধানত মৃত্যুক সাৱটিলে দু-গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷

minor-dead-body-recovered-in-bihali
বিহালীত ইটাভাটা মালিকৰ মইমতালিৰ বাবেই নাবালিকাৰ সলিল সমাধি
author img

By

Published : Jul 7, 2022, 10:59 PM IST

বিহালী, 7 জুলাই : বিহালীৰ একাংশ ইটাভাটা মালিকৰ দৌৰাত্মৰ ফলতেই সংঘটিত হ'ল এক কৰুণ ঘটনা(Tragic incident occurred due to mistake of brick factory owners) । এদিনৰ ব্যৱধানত সলিল সমাধি ঘটিল এগৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰীৰ ৷ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাংৰ EBI আৰু চেৰেলীয়াৰ SM ইটাভাটাই অপৰিকল্পিতভাৱে খন্দা দ-খাৱৈত পৰি সলিল সমাধি ঘটিল দুইগৰাকীৰ ৷

উল্লেখ্য যে, বুধবাৰে বিহালীৰ চেৰেলীয়াৰ নিবাসী তথা বৰগাং হাইস্কুলত দশম শ্ৰেণীত অধ্যয়নৰত অঞ্জলি বিৰ্জা নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে সমনীয়াৰ সৈতে খেলিবলৈ যায় ৷ ইফালে, ইটাভাটা সমূহে যধে-মধে খনন কাৰ্য চলোৱাৰ ফলত দ-পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হয় ৷ এই গাঁতত পৰিয়েই সলিল সমাধি ঘটিল ছাত্ৰীগৰাকীৰ ৷ এই ঘটনাৰ পিছতেই পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ছাত্ৰীগৰাকীক কেথলিক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে কিশোৰীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

বিহালীত ইটাভাটা মালিকৰ মইমতালিৰ বাবেই নাবালিকাৰ সলিল সমাধি

আনহাতে, এই ঘটনা সংঘটিত হোৱাৰ এদিন পূৰ্বে অৰ্থাৎ 5 তাৰিখে একে স্থানত সংঘটিত হৈছিল আন এক ঘটনা ৷ মঙলবাৰে ইটা ভাটা সমূহে খান্দি থোৱা এই দ খাৱৈতে পৰি মৃত্যুবৰণ কৰিছিল এগৰাকী ছাত্ৰই ৷ বৰ্তমান কৰুণ মৃত্যুক আকোঁৱালি লোৱা ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ পৰিয়াললৈ ইটা ভাটাৰ মালিক পক্ষৰ তৰফৰ পৰা উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে বিহালী আদিবাসী ছাত্ৰ সন্থাই ।

প্ৰশ্ন হয় য়ে, বিহালী সমষ্টিত ইটা ভাটা সমূহে চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি প্ৰশাসনক বৃদ্ধাংগুষ্ঠ কৰি কাৰ ছত্ৰ ছায়াত এনেদৰে নিৰ্বিঘ্নে খনন কাৰ্য চলাই আহিছে সেয়া এতিয়াও এক ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক : মাজুলী-যোৰহাট সংযোগী দলং মাত্ৰ নিৰ্বাচনী ইছ্যু: জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.