বিশ্বনাথ, ৩ ডিচেম্বৰ: অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল বিশ্বনাথৰ গুপ্তকাশী । ৰাজ্যত মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে ৭ মাহৰো অধিক সময় ধৰি বন্ধ কৰি ৰখা হৈছিল । ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা প্ৰকৃতিৰ ৰম্যভূমি গুপ্তকাশী তথা উমাটুমণি দ্বীপ মুকলি হোৱাৰ পাছতে এতিয়া পুনৰ পৰ্যটকৰ আগমণ ঘটিছে । পূৰ্বে ডিচেম্বৰ মাহত দেশ -বিদেশৰ বহু পৰ্যটকৰ আগমণ ঘটে যদিও মহামাৰীৰ বাবে এইবাৰ বিদেশৰ পৰা পৰ্যটকৰ আগমণ হোৱাৰ সম্ভাৱনা নাই ।
![পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল বিশ্বনাথৰ গুপ্তকাশী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-3-d-biswanath-ghat-byte-photo-dl-scrpt-as10018_03122020170840_0312f_02260_559.jpg)
অৱশ্যে দেশৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটক অহাৰ সম্ভাৱনা আছে বুলি স্থানীয় লোকে জানিবলৈ দিছে । এগৰাকী পৰ্যটকে অনুমতি লোৱাৰ ক্ষেত্ৰত বিশ্বনাথ ঘাটৰ বন বিভাগে লেহেমীয়া গতিত কাম কৰিছে বুলি আক্ষেপ কৰে আৰু কয় যে, যদি নদীত নাও চলোৱাৰ ক্ষেত্ৰত বন বিভাগে তৎকালীন অনুমতি দিয়াৰ ব্যৱস্থা কৰে তেন্তে বিশ্বনাথ ঘাটলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা বাঢ়িব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুপ্তকাশী বিশ্বনাথ ঘাটক গুৰুত্ব দিবলৈ আহ্বান জনায় ।
আনহাতে, ইটিভি ভাৰতৰ সাংবাদিকৰ আগত কলকাতাৰ এগৰাকী পৰ্যটকে কয় যে, বিশ্বনাথৰ ঘাটৰ যি প্ৰকৃতিৰ পৰিৱেশ আছে সেয়া দেশৰ আন ঠাইত নাই । লগতে ঘাটৰ পৰিৱেশ আৰু উমাটুমণি দ্বীপৰ পৰিৱেশ দেখি তেওঁ আনন্দিত হৈ পৰে ।
![পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল বিশ্বনাথৰ গুপ্তকাশী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-3-d-biswanath-ghat-byte-photo-dl-scrpt-as10018_03122020170840_0312f_02260_2.jpg)
ইফালে, পৰ্যটনস্থলীখনলৈ পৰ্যটকৰ আগমণ হোৱাৰ বাবে স্থানীয় বহু লোকেৰ বিভিন্ন সৰু-বৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছিল । কিন্তু ৭ মাহৰো অধিক সময় ধৰি বন্ধ হৈ থকাত লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল । এতিয়া পুনৰ পৰ্যটকৰ অহাৰ বাবে স্থানীয় লোকৰ মুখত হাঁহি বিৰঙিছে ।
![পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ল বিশ্বনাথৰ গুপ্তকাশী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-3-d-biswanath-ghat-byte-photo-dl-scrpt-as10018_03122020170840_0312f_02260_136.jpg)