বিশ্বনাথ, 3 জুনঃ বিশ্বনাথত বুধবাৰৰ দিনটোত পুনৰ ১১ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ বহিঃৰাজ্যৰ পৰা অহা জিলাখনৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা আক্ৰান্ত লোক কেইজন ক্ৰমে কৰৈয়নীৰ দিগন্ত ঘিমিৰে,নিজ বাঘমাৰীৰ অমৃত ছেত্ৰী,বালিজুৰিৰ থুংচাঙ দৈমাৰী,গহপুৰৰ বিকাশ অধিকাৰী আৰু অজয় প্ৰধান,দীপৰা পুখুৰীৰ নবীন তিৱাৰী আৰু জগন্নাথ কৈৰালা,গমিৰিৰ দুৰ্গা শৰ্মা,ৰমেন মহন্ত,দীনেশ ঢকাল আৰু লীলা তিৱাৰী ৷
উল্লেখ্য ইয়াৰে প্ৰথম দুজন বিশ্বনাথ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত,থুংচাঙ দৈমাৰী,বিকাশ অধিকাৰী আৰু অজয় প্ৰধান পাভৈ এমএচডিপি হোষ্টেলৰ কোৱাৰেন্টাইন কেন্দ্ৰত আৰু নবীন তিৱাৰী,দুৰ্গা শৰ্মা,জগন্নাথ কৈৰালা,ৰমেন মহন্ত,দীনেশ ঢাকাল আৰু লীলা তিৱাৰী নামৰ লোক কেইজন ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ৷