11 বজাৰ দহটা শীৰ্ষ বাতৰি-
ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধাচৰণ একাংশ প্ৰযোজকৰ !
নলবাৰীত ভ্ৰাম্যমান থিয়েটাৰৰ একাংশ প্ৰযোজকে সংবাদমেল সম্বোধন কৰি নাট প্ৰদৰ্শন কৰি থকা ভ্ৰাম্যমাণ থিয়েটাৰ(Bhramyaman Theatre)ৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ লগতে ক’ভিড নীতি ভংগকাৰী ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ হুংকাৰ বৃন্দাবনৰ প্ৰযোজক বংকিম ৰায়মেধিৰ ৷
মহানগৰীৰ ৬১ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ GMC ৰ জাননী
occupancy certificate বিচাৰি মহানগৰীৰ 61 খন ব্যক্তিগত চিকিৎসালয়লৈ GMC ৰ জাননী ৷ বৰ্তমানলৈকে জাননীৰ উত্তৰ দিছে 30 খন চিকিৎসালয়ে ৷
সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকালৈ উপহাৰ মুখ্যমন্ত্ৰীৰ
আদৰ্শ কৃষক দম্পতীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপহাৰ ৷ মুখ্যমন্ত্ৰীৰ পৰা উপহাৰ লাভ কৰি আনন্দিত সৰ্থেবাৰীৰ আদৰ্শ কৃষক পৰমেশ্বৰ ডেকা আৰু পত্নী জয়া বৰগোঁহাই ৷ চাওক মুখ্যমন্ত্ৰীগৰাকীয়ে আদৰ্শ কৃষকগৰাকীলৈ কি পঠিয়ালে উপহাৰৰ টোপোলাত ?
হাট-বজাৰৰ ব্যৱসায়ীৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলালে কৃষ্ণ গগৈয়ে
30 অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ’ব 27 অক্টোবৰত ৷ ইতিমধ্যেই আটাইকেইটা সমষ্টিতে দলীয় প্ৰক্ষেপিত প্ৰাৰ্থীক জয়যুক্ত কৰাৰ লক্ষ্যৰে প্ৰচাৰত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈ পৰা থাওৰা সমষ্টিটো শাসক-বিৰোধীৰ লগতে ব্যতিক্ৰমী ৰূপত প্ৰচাৰ চলাইছে চিপিআই প্ৰাৰ্থী কৃষ্ণ গগৈয়ে ৷
ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলালে ব্ৰজেন্দ্ৰ নাথ ডেকাই
উপ নিৰ্বাচন(By Election)ক লৈ ৰাজ্যত এতিয়া বলিছে গৰম বতাহ ৷ দেওবাৰে ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ৰ গণ সুৰক্ষা পাৰ্টী(GSP)ৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকা(Brajndra Nath Deka)ই ৷ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে বিভিন্ন স্থানত সৰু সৰু সভাৰ আয়োজন কৰি অহাৰ সমান্তৰালকৈ সমষ্টিবাসীৰ ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ লৈছে গণ সুৰক্ষা পাৰ্টীয়ে ।
দেৱভূমি উত্তৰাখণ্ডত অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ : মৃতকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি
ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উত্তৰাখণ্ডত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতি । ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । ঠায়ে ঠায়ে পথৰ ওপৰেৰে বাগৰিছে পানী । ভূমিস্খলনেও বিভিন্ন স্থানত সংকটৰ সৃষ্টি কৰিছে । চৰকাৰী তথ্য অনুসৰি, ভূমিস্খলন, বান, বাসগৃহ খহি পৰি এতিয়ালৈকে উত্তৰাখণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি পাইছে ।
পুৰণিগুদামত খোদ বিজেপি নেতাৰ হস্তক্ষেপত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে এটাৰ পাছত আনটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ বিজেপি নেতাৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নগাঁৱৰ পুৰণিগুদামৰ চলচলি সমবায় সমিতিতো উত্থাপন হৈছে একে অভিযোগ ৷
ষ্টেনফৰ্ডৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত 2,042 ভাৰতীয়
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে ৷ এই তালিকাত স্থান লাভ কৰিছে ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ 2,042 গৰাকী ভাৰতীয় ৷
ৰাজহুৱা স্থানত বঙালী ভাষা ব্যৱহাৰ কৰাৰ বিৰোধ শৃংখল চলিহাৰ
ডিব্ৰুগড়ৰ টেঙাখাটত বীৰ লাচিত সেনা অসমৰ শৃংখল চলিহাৰ সংবাদমেল সম্বোধন ৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা স্থানত বাংলা ভাষা ব্যৱহাৰ কৰাৰো বিৰোধ চলিহাৰ ৷
বাগানপাৰাত বজাৰৰ নিবিদা দিয়াৰ নামত অনিয়মৰ অভিযোগ
বাগানপাৰা সাপ্তাহিক বজাৰৰ নিবিদা দিয়াৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বিটিআৰৰ মাৰ্কেটিং এণ্ড ফেয়াৰ (Marketing and Fair Board) ব’ৰ্ডৰ আহ্বানমৰ্মে গঠন হোৱা 40 জনীয়া গোটৰ সদস্য আজিলৈকে কাম কৰাৰ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন নিবিদাৰ পৰা বঞ্চিত কেইবাজনো যুৱকৰ ৷ এই অনিয়মৰ আঁৰত বাক্সাৰ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত থকাৰ কথা উল্লেখ কৰে বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে ৷