ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - 3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Oct 19, 2021, 3:01 PM IST

ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা ৰাজ্য চৰকাৰৰ । বিভাগসমূহলৈ বিত্ত বিভাগ(Finance Department)ৰ নিৰ্দেশনা । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্ত বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই । ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা সূচল নোহোৱাৰ বাবেই নতুন পদ সৃষ্টি কৰিব বিচৰা নাই । এক লাখ পদত নিযুক্তি দিলে বছৰি অতিৰিক্ত 8 হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব ৷

উত্তৰাখণ্ডত ধাৰাসাৰ বৃষ্টিপাত : সতৰ্কতা ৰেখাৰ ওপৰেৰে গংগা

উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত গংগা নদীৰ জলস্তৰে সতৰ্কতা ৰেখা অতিক্ৰম কৰিছে । কেইবাটাও ঘাট জলমগ্ন হোৱাৰ লগতে পৰমাৰ্থ নিকেতন ঘাটত নিৰ্মিত শিৱৰ মূৰ্তি স্পৰ্শ কৰি প্ৰবাহিত হৈছে গংগাৰ পানী ৷ গংগাৰ জলস্তৰ আৰু মাত্ৰ কেই চেণ্টিমিটাৰমান অতিক্ৰম কৰিলেই বিপদসীমাৰ ওপৰেদি ব’ব পানী ৷

C-TET 2021 ৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ সময়সীমা 25 অক্টোবৰলৈ বৃদ্ধি

C-TETৰ বাবে অনলাইন প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন 19 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ বৃদ্ধি কৰিছে Central Board of Secondary Education য়ে ৷ নিম্নতম 55 শতাংশ নম্বৰ বা সমতুল্য গ্ৰেড আৰু তিনি বছৰীয়া ইণ্টিগ্ৰেটেড BEd-MEd থকা স্নাতকোত্তৰ অৰ্হতা থকা প্ৰাৰ্থীসকলেও পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে ।

শিলচৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল

দুৰ্গা পূজা(Durga Puja)ৰ দিনাই কোনো সাম্প্ৰদায়িক অপশক্তিয়ে বাংলাদেশত মা দুর্গাৰ মূৰ্তি ভাঙি পেলোৱাৰ বিৰোধিতা কৰি শিলচৰত বিশ্ব হিন্দু পৰিষদ(Bishwa Hindu Parishad)ৰ প্ৰতিবাদী সমদল বাহিৰ ৷ এটি বাইক ৰেলীৰে বাংলাদেশৰ ধৰ্মীয় হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ(Protest) সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদে ৷

বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি ধ্বংস কৰিবলৈ একাংশই চেষ্টা কৰিছে : প্ৰশান্ত ফুকন

ৰাজ্য চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি কৈ থকাৰ সময়তে বৰাকত সোমবাৰে অপমান কৰা হয় অসমীয়া ভাষাক । এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া ।

বলীউডত পদাৰ্পণৰ বাবে সাজু কণ্ঠশিল্পী য়োহানী

অজয় দেৱগণ, সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাকুলপ্ৰীত সিং অভিনীত ছবি Thank God ৰ জৰিয়তে বলীউডত পদাৰ্পণৰ প্ৰস্তুতি আৰম্ভ কৰিছে শ্ৰীলংকাৰ কণ্ঠশিল্পী য়োহানীয়ে ৷ ছবিখন পৰিচালনা কৰিছে ইন্দ্ৰ কুমাৰে ৷

বাসভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ অমিত শ্বাহৰ

মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ বাসভৱনত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah) । বৰ্তমান প্ৰধানমন্ত্ৰীৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ আলোচনা অব্যাহত আছে । কাশ্মীৰকে ধৰি আন কেইবাটাও ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ।

প্ৰধানমন্ত্ৰীয়ে কেতিয়াও ইন্ধনৰ মূল্যবৃদ্ধি, চীন আদি বিষয়ত মাত নামাতে : ওৱেইছি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ক সমালোচনা অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন(All India Majlis-e-Ittehadul Muslimeen)ৰ প্ৰধান আছাদুদ্দিন ওৱেইছি(Asaduddin Owaisi)ৰ । তেওঁ অভিযোগ উত্থাপন কৰে যে, ইন্ধনৰ মূল্য বৃদ্ধি, চীনৰ আগ্ৰাসন আদি প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য আগবঢ়োৱাৰ পৰা সদায় বিৰত থাকে ।

বাংলাদেশত মন্দিৰত কৰা আক্ৰমণৰ গৰিহণা আমেৰিকাৰ

দুৰ্গোৎসৱ চলি থকাৰ মাজতে বাংলাদেশৰ হিন্দু মন্দিৰত হোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই । দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, ধৰ্মৰ স্বাধীনতা অথবা বিশ্বাস হৈছে মানৱ অধিকাৰ । বাংলাদেশৰ হিন্দু মন্দিৰত হোৱা আক্ৰমণত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহু লোক আহত হয় ।

বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্যক লৈ প্ৰতিক্ৰিয়া টাই আহোম যুৱ পৰিষদৰ

অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ লোকৰ মাজৰ সম্প্ৰীতিত আঘাত হানিবলৈ প্ৰয়াস নকৰিবলৈ তথাকথিত বঙালী সংগঠনক সকীয়াই দিলে টাই আহোম যুৱ পৰিষদ অসমে । বৰাকত অসমীয়া ভাষাক অপমান কৰা কাৰ্যক গৰিহণা দি এনে কাৰ্যৰ পুনৰাবৃত্তি নকৰিবলৈও সকীয়নি দিয়ে সংগঠনটোৱে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.