৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি
গোৱাত অনুষ্ঠিত হ’বলগীয়া 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত ‘চেমখৰ’ ছবিখন ৷ ইয়াৰোপৰি নন ফিচাৰ ছবিৰ শিতানত নিৰ্বাচিত হৈছে বিশ্বজিৎ বৰাৰ দ্বাৰা পৰিচালিত মিছিং ছবি ‘বুম্বা ৰাইড’ ৷
আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’
আজি ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক ‘ভাই ফোঁটা’ ৷ ইয়াৰ আঁৰৰ বিশ্বাস আছে যে যম দ্বিতীয়াৰ দিনা ভায়েক বা ককায়েকক গালি বা অভিশাপ দিলে তেওঁলোকৰ যমলৈ (মৃত্যু) ভয় নাথাকে ৷
আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ
অৱশেষত সম্পৰ্ক ৰাজহুৱা হ’ল ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু আথিয়া চেট্টীৰ ৷ আথিয়াৰ জন্মদিন উপলক্ষে পূৰ্বে উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰাহুলে মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷
14 বছৰৰ অন্তত নিজ ঘৰত উপস্থিত সংবিজিত; পৰেশ বৰুৱাক জনালে উভতি অহাৰ আহ্বান
সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হ’ল এসময়ৰ সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত ৷ গাঁৱলৈ আহি আলফা স্বাধীনৰ আৰু পৰেশ বৰুৱাক বিশেষ আহ্বান জনালে সংবিজিতে ৷
BJP ৰ গুণ্ডা বাহিনীৰ বাবেই CPIM দলে দাখিল কৰিব নোৱাৰিলে নেকি মনোনয়ন ?
ত্ৰিপুৰাৰ ৭ খন নগৰ সমিতিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে বিজেপি দলে ৷ একে সময়তে চিপিআইএম দলে অভিযোগ কৰিছে বিজেপিৰ গুণ্ডা বাহিনীৰ বাবেই তেওঁলোকে দাখিল কৰিব নোৱাৰিলে মনোনয়ন ৷
মাণিকপুৰত দুই জুৱাৰী কৰায়ত্ত
শুকুৰবাৰে মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বাউবাৰীৰ পৰা দুজন জুৱাৰীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ দীপাৱলী উপলক্ষে জুৱা খেলি থকাৰ সময়তে দুয়োকে কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ জুৱাৰী দুজন ক্ৰমে চন্দন সৰকাৰ আৰু ৰাম মোদক বুলি জানিব পৰা গৈছে ৷ দুয়োজনৰে পৰা জুৱা খেলত ব্যৱহৃত সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে ৷
যোৰহাটৰ শ্ল'গান ধাবাত ভয়ংকৰ অগ্নিকাণ্ড
যোৰহাটৰ চোলাধৰা শাস্ত্ৰীপীঠৰ শ্ল'গান ধাবাত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰথমে আতচবাজীৰ পৰা অগ্নিৰ সূত্ৰপাত, তাৰ পাচত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ধাবাখনত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ উক্ত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয় ধাবাখন ৷ পৰৱৰ্তী সময়ত যোৰহাটৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও অগ্নিকাণ্ডত লক্ষাধিক টকা সা-সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষক লৈ সন্তুষ্ট নহয় জুবিন গাৰ্গ
ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষৰ দায়িত্বক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে ৷ চলচ্চিত্ৰৰ লগত ওতঃপোতভাৱে কাম কৰি থকা অভিজ্ঞ ব্যক্তিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ প্ৰয়োজন আছিল বুলি মন্তব্য প্ৰকাশ কৰে জুবিন গাৰ্গে ৷ সীমান্ত শেখৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই নিবলৈ ভালদৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰি জুবিনে কয়, উদ্যোগটোক শক্তিশালী কৰি গঢ়ি তুলিবলৈ সকলোৱে অসমীয়া চিনেমা চাব লাগিব ৷
ফটকা ফুটাই আনন্দ কৰি থকাৰ পিছতে হঠাতে কেনেকৈ মৃত্যু হ’ল মহিলাৰ ?
কালীপূজাৰ নিশা ধুবুৰীৰ এগৰাকী মহিলাৰ মৃত্যুক লৈ ৰহস্য । স্বামী পক্ষৰ মতে দীৰ্ঘ দিনে ৰোগাক্ৰান্ত অৱস্থাত আছিল মহিলা গৰাকী । আনহাতে, মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ মহিলা গৰাকীৰ পিতৃ পৰিয়ালৰ ।
১৫ নবেম্বৰ তাৰিখৰ পৰা পুনৰ ৰাজ্য জুৰি হ’ব মেগা ভেকচিনেচন : কেশৱ মহন্ত
১৫ নবেম্বৰৰ পৰা পুনৰ অসম জুৰি হ’ব মেগা ভেকচিনেচন । ২২ নবেম্বৰৰ পৰা ২৯ নবেম্বৰলৈকে সম্পূৰ্ণভাৱে চৰকাৰখনৰ মন্ত্ৰীৰ পৰা জিলা পৰ্যায়ৰ বিষয়ালৈকে সকলোৱে ৰাইজক ভেকচিন দিয়া ক্ষেত্রত নামি পৰিব । ঘৰে ঘৰে গৈ হ’লেও দিয়া হ’ব ভেকচিন । কোনোবা ঠাইত ক’ভিড আক্ৰান্তৰ সংখ্যা বেছি হ’লে কনটেইনমেন্ট জ'ন ঘোষণা কৰা হ’ব কিন্তু লকডাউন নহয় । এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ।