বিশ্বনাথ,30 জুনঃ বিশ্বনাথত মঙলবাৰে পুৱা 9.30মান বজাত পহু মাংসসহ আটক কৰা হয় তিনিটা দুৰ্ধৰ্ষ পহু চিকাৰী। বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বিহমাৰী বন গাঁৱৰ পৰা আটক কৰা হয় চিকাৰী কেইটাক ৷
![three-poacher-arrested-from-biswanath-bihmari-bongaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-30-j-hogdeer-killed-arrest-photo-scrpt-as10018_30062020115626_3006f_1593498386_1059.jpg)
উল্লেখ্য যে,দুৰ্ধৰ্ষ পহু চিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল বিশ্বনাথ বন বিভাগে ৷ বিশ্বনাথ বন সংমণ্ডল কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষকৰ নেতৃত্বত চলা এই অভিযানৰ ফলতে আটক হয় দুৰ্ধৰ্ষ চিকাৰী কেইটা ৷ আটকধীন চিকাৰী কেইটা ক্ৰমে,ধনীৰাম ইংতি,অমল ইংতি,আৰু অমল ৰংহাং বুলি জানিব পৰা গৈছে। লগতে দুৰ্ধৰ্ষ চিকাৰী কেইটা বিহমাৰী বনগাঁৱৰ বুলি বন বিভাগে ইতিমধ্যে চিনাক্ত কৰিছে।
![three-poacher-arrested-from-biswanath-bihmari-bongaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-30-j-hogdeer-killed-arrest-photo-scrpt-as10018_30062020115626_3006f_1593498386_795.jpg)