বিশ্বনাথ, ১৭ মাৰ্চঃ বিশ্বনাথত এতিয়া চাৰিওফালে চলিছে চোৰৰ দপদপনি । দিন ৰাতি একাকাৰ কৰি চলিছে চোৰৰ উপদ্ৰৱ ।
১৬ মাৰ্চৰ নিশা বিশ্বনাথৰ টেটুনবাৰীত চোৰে চলালে লুটপাত । টেটুনবাৰীৰ শইকীয়া ইলেক্ট্ৰনিকছ নামৰ দোকানখনৰ পৰা চোৰে লুটি নিয়ে বহু লক্ষাধিক টকাৰ সামগ্ৰী । দোকানখনৰ স্বত্বাধিকাৰী ধৰ্মেশ্বৰ শইকীয়াই জনোৱা অনুসৰি চোৰে এল ই ডি টিভিকে ধৰি ম'বাইল আৰু অন্যান্য বহু সামগ্ৰী চোৰ কৰি নিয়ে । চোৰে লুটি নিয়া সামগ্ৰীৰ বজাৰ মুল্য প্ৰায় ৬/৭ লাখ টকা হ'ব বুলি জনায় ধৰ্মেশ্বৰ শইকীয়াই ।