বিশ্বনাথ ২ নৱেম্বৰ : ৰাজ্য চৰকাৰে বাগিচা অঞ্চলত ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে ৷ ইয়াৰ পৰিপেক্ষিততে আজি বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ জিনজিয়া চাহ বাগিচা আৰু কেটলা চাহ বাগিচাত ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই দুখনকৈ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা আৰু ভূমি পূজন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ বাগিছা দুখনৰ কৰ্মকৰ্তা, বিষয়ববীয়া, চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া, বিভাগীয় কৰ্মকৰ্তা আদিৰ উপস্থিতিত বাগিচা দুখনৰ ভূমি পূজনৰ কাম আৰম্ভ হয় ৷
![The foundation stone of the inaugural two High School in Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-2-nov-photo-scrpt-rsnjit-dutta-as10018_02112020183624_0211f_1604322384_302.jpg)
বাগিচা সমুহত নিৰ্মাণ হ'বলগীয়া এই ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰতে পাঠদান আৰম্ভ কৰা হ'ব ৷ আগন্তুক পৰ্যায়ত এই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নিত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ আগন্তুক দুই-তিনি মাহৰ ভিতৰত জিনজিয়া চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই এখন এম্বুলেঞ্চ প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাগিচাৰ যুৱক-যুৱতী সকলৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ বাবে জিলা পৰিষদৰ পুঁজিৰ পৰা জিনজিয়া চাহ বাগিচাত দুখনকৈ খেলপথাৰ নিৰ্মাণ কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷
![The foundation stone of the inaugural two High School in Bishwanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-2-nov-photo-scrpt-rsnjit-dutta-as10018_02112020183624_0211f_1604322384_275.jpg)
অন্য এক খবৰৰ বাবে: চাঞ্চল্যকৰ : একেটা পৰিয়ালৰে পাঁচজনৰ আত্মহত্যা