বিশ্বনাথ, 26 জানুৱাৰী : আদিবাসী সকলে ST আৰু আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । আদিবাসী আইকন লক্ষী ওৰাঙৰ নেতৃত্বত ৰূপায়ন হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ ২০০৭ চনতে আদিবাসীৰ অধিকাৰৰ হৈ মাত মাতিবলৈ গুৱাহাটীলৈ অহাত যুৱতী লক্ষ্মী ওৰাং নিৰ্যাতিত হৈছিল মহানগৰীৰ বেলতলাত ৷ লক্ষ্মী ওৰাঙক বিবস্ত্ৰা কৰা যুৱকৰ দলটোক শাস্তি দিয়াৰ দাবী উত্থাপিত হৈ আহিছে যদিও আজিলৈ শাস্তি নাপালে ঘটনাৰ সৈতে জড়িত লোকসকলে ৷ ইফালে ২০০৭ চনৰ পৰাই বিভিন্ন আদিবাসী সকলৰ বিভিন্ন সমস্যা সমাধান বাবে প্ৰতিবাদ কৰি আহিছে লক্ষী ওৰাঙে । বুধবাৰে এই লক্ষী ওৰাঙৰ নেতৃত্বত কেইবা শতাধিক আদিবাসী লোকে বিশ্বনাথ চাৰিআলি জপৌবাৰী পৰা বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই উত্তাল কৰি তোলে পৰিৱেশ ৷
আৰু পঢ়ক : বিশ্বনাথৰ হেলেমত পালন আলি আঃয়ে লৃগাং