ETV Bharat / state

Tea labour protest: প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিল কেটেলা চাহ বাগিচাৰ শ্ৰমিক - কেটেলা চাহ বাগিচা

প্ৰাপ্য বিচাৰি বিহালীৰ কেটেলা চাহ বাগিচাৰ শ্ৰমিকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Tea workers protest in Bihali seeking wages) । উপযুক্ত বোনাচ নিদিয়াত ক্ষোভিত চাহ শ্ৰমিক ।

tea garden workers protest in bihali
Protest in Bihali: বিহালী কেটেলা চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Oct 11, 2022, 5:26 PM IST

বিশ্বনাথ, 11 অক্টোবৰ: বিশ্বনাথৰ বিহালী সমষ্টিৰ অন্যতম এখন চাহ বাগিচা কেটেলা চাহ বাগিচা (Ketela Tea garden in Bihali)। দীৰ্ঘদিন ধৰি চাহ বাগিচাখনৰ মালিকে বাগিচাখনৰ শ্ৰমিকসকলক ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা অভিযোগ উত্থাপন কৰিছে । ইফালে শ্ৰমিকসকলৰ প্ৰাপ্য সময়ত নিদিয়াত চাহ বাগিচাখনৰ শ্ৰমিকসকলে সোমবাৰ পৰা বাগিচাৰ খনৰ সকলো কাম-কাজ বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Tea workers protest in Bihali seeking wages) ।

উল্লেখযোগ্য যে, বাগিচাখনে প্ৰতি বছৰে কালি পূজাৰ সময়ত শ্ৰমিকসকলক উপযুক্ত বানচ প্ৰদান কৰি আহিছে । কিন্তু এইবাৰ শ্ৰমিক সকলৰ প্ৰাপ্য ২০% বানচৰ সলনি ৮.৩৩ % বানচ দিয়াত শ্ৰমিক সকলে এই বানচ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ৷ লগতে সোমবাৰৰ পৰা বাগিচাখনৰ কাম-কাজ সম্পূৰ্ণ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে (Protest by stopping work of tea gardens) ।

বিহালী কেটেলা চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ

ইফালে শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰে যে, ইতিমধ্যে বিহালী সমষ্টিৰ বিভিন্ন চাহ বাগিচাই শ্ৰমিকসকলক ১২% পৰা ২০% লৈকে শ্ৰমিকক বানচ প্ৰদান কৰি আহিছে । কিন্তু কেটেলা চাহ বাগিচাই শ্ৰমিক সকলক ১২% পৰা ২০ % বানচ প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে বাগিচাখনৰ শ্ৰমিক সকল (Workers protest over non-payment of bonus) । যাৰ ফলত সোমবাৰৰ পৰা কাম বন্ধ ৰাখি কেটেলা চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে ।

চাহ শ্ৰমিকসকলৰ অভিযোগ যে PF ৰ ধনো নিদিয়ে মালিক পক্ষই । আনহাতে লোকচানৰ অযুহাত দেখুৱাই প্ৰতিবাৰে বানচ কমাই দিয়া বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে । ইয়াৰ উপৰিও বদলীকৰণকে ধৰি বিভিন্ন সা-সুবিধাৰ পৰাও শ্ৰমিকসকল বঞ্চিত বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে ।

অতি শীঘ্ৰেই তেওঁলোকক প্ৰাপ্য বানচৰ লগতে যিখিনি সাধাৰণ সুবিধা সেইখিনি প্ৰদান কৰিবলৈ আহ্বান জনাই মালিকপক্ষক (Tea labours demand increase in wages) ।

উল্লেখ্য যে, কেৱল বিহালীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোনাচ বৃদ্ধিৰ বাবে চাহ শ্ৰমিকে মালিক পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিছু দিন পূৰ্বে বিহালী মোনাবাৰী চাহ বাগিছাতো ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ২০% বানচ বৃদ্ধিৰ দাবীত । চাহ শ্ৰমিকসকলে বিভিন্ন দাবীৰে তিনি ছেপ্টেম্বৰত সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ।

লগতে পঢ়ক: Injured Kaziranga rhino Update: সন্ধান ওলাইছে কাজিৰঙাৰ আঘাতপ্ৰাপ্ত গঁড়টোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.