ETV Bharat / state

পথাৰতে মৰহি গৈছে ৰাজ্যৰ কৃষকৰ স্বপ্ন

author img

By

Published : Jun 5, 2021, 2:28 PM IST

ভয়াৱহ আৰ্থিক সমস্যাৰ দিশে ধাৱমান হৈছে ৰাজ্যৰ কৃষক ৰাইজ ৷ বছৰজোৰা সাধনাৰ অন্তত উৎপাদিত শস্য এতিয়া গেলিবলৈ লৈছে পথাৰতে ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰৰ অভাৱত কৃষকসকল সন্মুখীন হৈছে এনে সমস্যাৰ ৷

student-leader-seeks-help-from-government-for-the-interest-of-farmers-community
পথাৰতে মৰহি গৈছে ৰাজ্যৰ কৃষকৰ স্বপ্ন

চতিয়া,5 জুন: কৰ’ণা মহামাৰীয়ে দৰিদ্ৰ কৃষকসকলৰ বাবে অভিশাপস্বৰূপ হৈ দেখা দিছে ৷ ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে ইখনৰ পাছত সিখন নিৰ্দেশনা (COVID SOP) ৷ ফলস্বৰূপে সমগ্ৰ ৰাজ্যত অব্যাহত আছে আংশিক লক ডাউন (mini lockdown) ৷ এই সময়ছোৱাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ দৰিদ্ৰ কৃষকসকল ৷

পৰ্যাপ্ত বজাৰৰ অভাৱত মূৰৰ ঘাম মাটিত পেলাই কৃষকসকলে উৎপাদন কৰা ফচল পথাৰতে পৰি ৰৈছে ৷ উৎপাদিত বস্তু গৰু-ছাগলীক খাবলৈ দিয়াৰ বাদে অন্য পথ নাই ৰাজ্যৰ কৃষক ৰাইজৰ হাতত ৷ এনে সময়তে, জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাস্থিত ভূঞাপাৰা অঞ্চল নিবাসী ছাত্ৰ নেতা (student leader) মিণ্টু ভূমিজে চৰকাৰক কৃষক সমাজক (farmer's community) সহায় কৰাৰ বাবে আহ্বান জনাইছে । উল্লেখ্য যে, ছাত্ৰ নেতা গৰাকীয়ে কৰা প্ৰায় ৮ বিঘা কৃষি ভূমিত উৎপাদিত জলকীয়া, ভেণ্ডি, বেঙেনা, বিলাহী আৰু মাকৈ খেতি বিনষ্ট হৈছে বজাৰৰ অভাৱত ।

পথাৰতে মৰহি গৈছে ৰাজ্যৰ কৃষকৰ স্বপ্ন

প্ৰতি বিঘাই ২৫-৩০ হাজাৰ টকাৰ ব্যয় সাপেক্ষে উৎপাদন কৰা শস্য এতিয়া কৃষি ভূমিতে প্ৰখৰ ৰ'দ-বৰষুণত গেলি-পচি নষ্ট হোৱা দেখা গৈছে । সম্প্ৰতি ক'ৰণা সৃষ্ট পৰিস্থিতিত ব্যৱসায়-বাণিজ্যৰ লগতে বজাৰ-সমাৰ বন্ধ হৈ থকাত কৃষকে উৎপাদন কৰা শস্য মূল্যহীন হৈ পৰা পৰিলক্ষিত হৈছে ।

হাজাৰ হাজাৰ নিবনুৱাই কৃষি কৰ্মৰ জৰিয়তে সংস্থাপিত হোৱাৰ সপোন যেন বৰ্তমান অসাৰত পৰিণত হোৱাৰ পথত ৷ এনে পৰিস্থিতিত এতিয়া চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে সচেতন মহল তথা উপায়হীন কৃষক ৰাইজে ৷

লগতে পঢ়ক : জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.