বিশ্বনাথ, ১০ জানুৱাৰী: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত কলাবাৰী কলিতা গাঁৱৰ কেকোৰাবাৰী তিনিআলিত এখন ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল মেধাৱী ছাত্ৰ পাৰ্থৰাজ ভূঞা । যোৱা ২৫ ডিচেম্বৰৰ সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাৰ পাচত গুৱাহাটীৰ জি এন আৰ চি হস্পাতালৰ আইচিইউত ভৰ্তি হৈ আছিল পাৰ্থৰাজ । দুৰ্ঘটনাটোত মূৰত গুৰুত্বৰভাৱে আঘাত পাইছিল পাৰ্থৰাজে । প্ৰায় এপষেক ধৰি চলা উন্নত চিকিৎসাৰ পিছতো মৃত্যুৰে সৈতে যুঁজি অৱশেষত শনিবাৰে কৰুণ মৃত্যুক আঁকোৱালি লয় পাৰ্থই । কলিতা গাঁৱৰ নিবাসী প্ৰতিষ্ঠিত ব্যৱসায়ী ক্ষিৰোদ ভূঞা আৰু কণমাই ভূঞাৰ কনিষ্ঠ পুত্ৰ আছিল পাৰ্থৰাজ ভূঞা ।
পাৰ্থৰাজৰ অকাল বিয়োগত বৃহত্তৰ কলাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে । উল্লেখ্য যে, গহপুৰ টাউন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ দুটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পাৰ্থৰাজ ভূঞা গুৱাহাটী মহানগৰীৰৰ এখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্র আছিল ।