বিশ্বনাথ, ১৩মাৰ্চঃ গোলাঘাট আৰু যোৰহাটৰ অবৈধ সুৰা ট্ৰেজেডীৰ পিচতেই এইবাৰ অবৈধ সুৰাক লৈ তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা আৰক্ষী আৰু আবকাৰী বিভাগ ৷ বুধবাৰে জিলাখনৰ গহপুৰ অঞ্চলত স্থানীয় চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আৰু আদিবাসী ছাত্ৰ সংগঠনৰ সহযোগত আৰক্ষী আৰু আবকাৰী বিভাগে ধ্বংস কৰিবলৈ সক্ষম হয় প্ৰায় ১৫শ লিটাৰ সুৰা ৷
গহপুৰৰ হেলেম অঞ্চলৰ বিভিন্ন চাহ বাগিছাৰ লগতে সমগ্ৰ অঞ্চলটোতে এইদৰে অভিযান অব্যাহত ৰাখিছে বিভাগটোৱে ৷ বুধবাৰে স্থানীয় বুৰৈ চাহ বাগিছাত এক অভিযান চলাই আবকাৰী বিভাগ আৰু আৰক্ষীৰ লগতে আছা আৰু আটছাৰ সদস্যসকলে ধ্বংস কৰে কেইবাশ লিটাৰ অবৈধ সুৰা ৷ স্থানীয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এইক্ষেত্ৰত লোৱা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতেও এনেকুৱা অভিযান চলি থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৰ স্থানীয় নেতৃত্বই ৷