ETV Bharat / state

নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণৰ বাবে বিশ্বনাথত বিশেষ গোট - biswanath constituency election preparation

নিৰ্বাচন সংক্ৰান্তীয় কাম-কাজ নিৰীক্ষণৰ বাবে বিশ্বনাথত জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ ৷ বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণ কৰাৰ বাবে 6 টা ফ্লায়িং স্কোৱাড আৰু চাৰিটা নিৰীক্ষণকাৰী গোট গঠন ৷

special group formed in bishwanath to monitor election activities

author img

By

Published : Mar 4, 2021, 8:47 AM IST

বিশ্বনাথ,4 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই পদক্ষেপৰ অংশ হিচাপে বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণৰ উদ্দেশ্যে প্ৰশাসনে 6 টা ফ্লায়িং স্কোৱাড আৰু দুটাকৈ মুঠ চাৰিটা নিৰীক্ষণকাৰী (ষ্টেটিক চাৰ্ভিলেঞ্চ টিম) গোট গঠন কৰিছে ৷

চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, বাঘমৰা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া, বিশ্বনাথৰ আবকাৰী পৰিদৰ্শক বিষয়া আৰু বিহালীৰ আবকাৰী পৰিদৰ্শক বিষয়াই বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাৰ নিৰ্দেশনাত গঠন কৰা ফ্লাইং স্কোৱাডৰ নেতৃত্ব দিব ৷

special group formed in bishwanath to monitor election activities
6 টা ফ্লায়িং স্কোৱাড আৰু চাৰিটা স্থিৰ নিৰীক্ষণকাৰী গোট গঠন

উক্ত ফ্লাইং স্কোৱাডত থাকিব বিশ্বনাথ আৰক্ষী অধীক্ষকৰ দ্বাৰা নিয়োজিত একোগৰাকীকৈ আৰক্ষী উপ-পৰিদৰ্শক আৰু ভিডিঅ’গ্ৰাফাৰ । একেদৰে বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ বাবে সাকোমঠা উন্নয়ন খণ্ডৰ দুগৰাকীকৈ সহকাৰী কাৰ্যবাহী অভিযন্তা, বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত গঠন কৰা স্থিৰ নিৰীক্ষণকাৰী দলে বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়া, বিশ্বনাথ চাৰিআলি, জিনজিয়া আৰু বিহালী আৰক্ষী থানাৰ অধীনৰ নিৰ্বাচন সংক্ৰান্তীয় সকলো ধৰণৰ কাম-কাজ নিৰীক্ষণ কৰিব । উল্লেখ্য যে, বিশ্বনাথ আৰু বিহালী সমষ্টিৰ বাবে গাণনিক ভিডিঅ’ নিৰীক্ষণকাৰীৰ দলো গঠন কৰা হৈছে ৷

লগতে পঢ়ক: তেজপুৰ অগপক দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.