ETV Bharat / state

চতিয়াত উপস্থিত কংগ্ৰেছৰ অসম বচাওঁ আহক দল

author img

By

Published : Feb 23, 2021, 9:10 AM IST

শতাধিক মটৰ চাইকেলেৰে প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াসকলক চতিয়া সমষ্টিৰ কংগ্ৰেছৰ কৰ্মীসকলে আদৰি আনে ৷ তাৰ পিচতেই সংগীয়া মাজৰচুক গাঁৱৰ নামঘৰত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে নেদেখাজনৰ ওচৰত আশীষ লয় ।

চতিয়াত উপস্থিত কংগ্ৰেছৰ অসম বচাওঁ আহক নেতৃত্বৰ দল

চতিয়া,23 ফেব্ৰুৱাৰী: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ অসমতে কংগ্ৰেছ দলে অসম বচাওঁ আহক কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ তাৰ অংশ হিচাপে সোমবাৰে চতিয়া সমষ্টিৰ জামুগুৰি, কুসুমতোলাকে ধৰি কেইবাটাও স্থানত ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব উপস্থিত হয় । উল্লেখ্য যে, শতাধিক মটৰ চাইকেলেৰে প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াসকলক চতিয়া সমষ্টিৰ কংগ্ৰেছৰ কৰ্মীসকলে আদৰি আনে ৷ তাৰ পিচতেই সংগীয়া মাজৰচুক গাঁৱৰ নামঘৰত প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াসকলে আশীষ লয় ৷

ইপিনে অনুষ্ঠানত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ শোণিতপুৰ জিলা কমিটিৰ সভাপতি পৰমা কাকতিয়ে এইবাৰ অসমৰ ৰাইজে বিজেপিৰ অপ-শাসনৰ বাবেই দিছপুৰৰ গাদীৰ পৰা ওফৰাই কংগ্ৰেছৰ চৰকাৰক শাসনৰ গাদীত বহুৱাব বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ লখিমপুৰত বাইক ৰেলীৰে লুৰীণৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.