ETV Bharat / state

গহপুৰৰ যুৱ সমাজকৰ্মী উদয় আদিত্য গোস্বামীৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : May 15, 2021, 10:45 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক'ভিড-19 য়ে ভয়াৱহ ৰূপ ধাৰণ কৰালৈ লক্ষ্য কৰি গহপুৰৰ যুৱ সমাজকৰ্মী তথা শৈলজা সংকল্প ট্ৰাষ্টৰ অধ্যক্ষ উদয় আদিত্য গোস্বামীয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ক'ভিড আক্ৰান্ত ৰোগী আৰু সাংবাদিকৰ মাজত কৰ'নিল কিট আৰু মাস্ক বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় ডাঙি ধৰিছে এই গৰাকী সমাজ কৰ্মীয়ে ৷

social-worker-uday-aditya-goswami-showing-humanity-amid-covid-19-at-gohpur
গহপুৰৰ যুৱ সমাজকৰ্মী উদয় আদিত্য গোস্বামীৰ প্ৰশংসনীয় পদক্ষেপ

বিশ্বনাথ,15 মে': দেশজুৰি সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণাৰ দ্বিতীয় ঢৌয়ে ক্ৰমাৎ ঘাতকৰ ৰূপ লৈছে অসমৰ বিভিন্ন প্ৰান্তত ৷ ৰাজ্যখনত দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ হাৰ । লগতে মৃত্যু হৈছে বহুজনৰ। ঘাটক কৰ'ণাই সৃষ্টি কৰা এনে ভয়াৱহ পৰিস্থিতিৰ সময়ত ক'ভিড আক্ৰান্ত ৰোগী সকললৈ সহায়ৰ হাত আগবঢ়াই সহমৰ্মিতা প্ৰকাশ কৰিছে গহপুৰৰ যুৱ সমাজকৰ্মী তথা শৈলজা সংকল্প ট্ৰাষ্টৰ অধ্যক্ষ উদয় আদিত্য গোস্বামীয়ে ৷

ক'ভিডৰ গণ সংক্ৰমণৰ কৱলত পৰা গহপুৰ মহকুমাৰ অন্তৰ্গত গমিৰি, মেইলবজাৰ, তেলেনি, বৰঙাবাৰী আদি অঞ্চলত উপস্থিত হৈ উদয় আদিত্য গোস্বামী আৰু ন্যাসৰক্ষী ভুৱন শইকীয়াই শতাধিক পৰিয়ালৰ মাজত কৰ'নিল কিট আৰু মাস্ক বিতৰণ কৰে । ইয়াৰ উপৰিও গহপুৰৰ কেইবাগৰাকীও সাহিত্যিক সাংবাদিকৰ মাজতো বিতৰণ কৰা হয় কৰ'নিল কিট আৰু মাস্ক ৷

ক'ভিড স্বাস্থ্যবিধি মানি শুকুৰবাৰৰে পৰা আৰম্ভ কৰা হৈছে শৈলজা সংকল্প ট্ৰাষ্টৰ এই বিশেষ কাৰ্যসূচী ৷ ক'ভিড মহামাৰীৰ এই বিভীষিকাৰ মাজত নিজৰ জীৱনকো বিপদাপন্ন কৰি কন্টেইনমেন্ট জ'ন সমূহত উপস্থিত হৈ ক'ভিড প্ৰটকলৰ মাজেৰে সেৱা আগবঢ়োৱা শৈলজা সংকল্প ট্ৰাষ্টৰ এনে পদক্ষেপক শলাগ লৈছে সচেতন ৰাইজে ৷

প্ৰথম পদক্ষেপত প্ৰায় আঢ়ৈ লাখ টকাৰ কৰ'নিল কিট আৰু মাস্ক বিতৰণ কৰাৰ কথা উল্লেখ কৰিছে উদয় আদিত্য গোস্বামীয়ে ৷

লগতে পঢ়কঃ নগাঁৱত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.