ETV Bharat / state

বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা

মঙলবাৰে বিশ্বনাথত উপস্থিত হোৱা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই অসমৰ বানপানী আৰু নিবনুৱা সমস্যাতকৈও ভয়াৱহ সমস্যা হৈছে ইছলামিক আগ্ৰাসন বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা
বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা
author img

By

Published : Sep 29, 2020, 11:13 PM IST

বিশ্বনাথ, 29 ছেপ্টেম্বৰ : "অসমৰ বানপানী আৰু নিবনুৱা সমস্যাৰ মূল কাৰণ হ'ল ইছলামিক আগ্ৰাসন সমস্যা ৷ আমাৰ জাতীয় জীৱনৰ প্ৰতি ভাবুকি আহিছে ৷ মোৰ মাতৃ বা ভগ্নীক যদি কোনোবাই ধৰ্ষণ কৰিব মই কি মাত নামাতি মনে মনে থাকিম নেকি, মই ভাবিছোঁ ইছলামিক আগ্ৰাসনে অসম আৰু ভাৰতবৰ্ষক ধৰ্ষণ কৰিছে ।" বিশ্বনাথত উপস্থিত হৈ এইদৰে বিস্ফোৰক মন্তব্য কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই । বৰাই মঙলবাৰে গুপ্তকাশী বিশ্বনাথত উপস্থিত হৈ এই মন্তব্য কৰে ।

বানপানী নিবনুৱা সমস্যাতকৈ ভয়াৱহ ইছলামিক আগ্ৰাসন : সত্যৰঞ্জন বৰা

সততে নিজৰ মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা নেতাগৰাকীয়ে কয়, বৰ্তমান মুল পথৰ কাষৰ ফুটপাথ বন্ধ কৰি দিছে মছজিদ বনাই । ইয়াৰ অনুমতি কোনে দিলে, এইবোৰ আমাৰ জাতীয় আত্মা আৰু জাতীয় সত্বাৰ কাৰণে ভাবুকি স্বৰূপ । ভৱিষ্যতে গুপ্তকাশী বিশ্বনাথৰ মাটি যে দখল কৰি ইয়াৰ অস্তিত্ব ম্লান নকৰিব তাৰ গেৰাণ্টী সেইসকল ব্যক্তিয়ে দিব পাৰিব নেকি যিসকলে তথাকথিত জাতীয়তাবাদৰ নামত চিঞৰ বাখৰ কৰি আছে ? জাতীয়তাবাদ মানে কেৱল ইছলাম প্ৰীতি নেকি ? যিসকলে জাতীয়তাবাদ কৰি আছে সেইসকলৰ অধিকাংশৰে ইছলামৰ প্ৰতি কিয় ইমান দৰদ মই বুজি পোৱা নাই । অসমত জাতীয়তাবাদ কেৱল ইছলামিক তুষ্টিকৰণৰ বাবেই সোমাই আছে ।

আনহাতে নেতাগৰাকীয়ে কয়, লাভ জেহাদ মাছৰ উজান উঠা দি উঠিছে ৷ আগতেও বহুত লাভ জেহাদৰ ঘটনা সংঘটিত হৈছিল কিন্তু এই কথা পোহৰলৈ অহা নাছিল । কিন্তু বৰ্তমান অসমৰ সনাতনী হিন্দু সমাজ জাগ্ৰত হৈছে, একত্ৰিত হৈছে সেইবাবে এই ঘটনাসমূহ পোহৰলৈ আহিছে আৰু আমি এই জেহাদীবোৰক শেষ কৰাৰ পণ লৈছো । আনহাতে নেতাগৰাকীৰ আন এক গুৰুতৰ অভিযোগ অসমৰ 82 টা সমষ্টিত ইছলামৰ ভোটাৰ বাঢ়িছে আৰু9 খন জিলাত মুছলিমৰ আগ্ৰাসন বাঢ়িছে ৷

লগতে পঢ়ক : নগাঁৱৰ চামগুৰিত ৰকিবুল,নুৰুল হুদাক কটাক্ষ সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.