বিশ্বনাথ,২৪ মে': অসম প্ৰদেশ কংগ্ৰেছৰ সহযোগত গহপুৰত প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই আৰম্ভ কৰে খাদ্য সামগ্ৰী আৰু ফল-মূল বিতৰণ কাৰ্যসূচী ।
সমগ্ৰ অসমৰ লগতে গহপুৰতো অসম প্ৰদেশ কংগ্ৰেছ কৰ্মীয়ে আৰম্ভ কৰিছে ক'ভিড ৰোগীৰ মাজত খাদ্য সামগ্ৰী, মাস্ক, ঔষধ আৰু চেনিটাইজাৰ বিতৰণ কাৰ্যসূচী । সোমবাৰে ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰৰ অন্তৰ্গত কলাবাৰী মডেল হাস্পতালত চিকিৎসাধীন ক'ভিড ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী আৰু ফল-মূল বিতৰণ কৰে ।
লগতে হাস্পতালখনত কৰ্মৰত চিকিৎসক, নাৰ্চ আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলকো আগশাৰীৰ ক'ভিড যোদ্ধা হিচাপে সন্মান জনোৱা হয় । তাৰোপৰি, তেওঁলোকক মাস্ক, ছেনিটাইজাৰ আৰু চার্জিকেল হেণ্ড গ্ল’ভছ অৰ্পণ কৰে সাংসদ গৰাকীয়ে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ