ETV Bharat / state

বন বিভাগৰ জালত পৰিল মাষ্টাৰ মাইণ্ড বাবু

author img

By

Published : Jul 7, 2022, 10:56 PM IST

বন বিভাগৰ আন এক সফলতা ৷ বিশ্বনাথ জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ অভিযানত জালত পৰিল হ'ল কুখ্যাত গঁড় চিকাৰী ৰছিদুল হক এৰফে বাবু (Rhino poacher arrested in Biswanath) ৷ বন বিভাগৰ লোকে উল্লেখ কৰা অনুসৰি, 2018 চনৰ 9 জুন তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শীলডুবি পানপুৰ শিবিৰত সংঘটিত হোৱা গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড আছিল ৰছিদুল হক ৷

Rhino poacher arrested in Biswanath
বন বিভাগৰ জালত পৰিল মাষ্টাৰ মাইণ্ড বাবু

বিশ্বনাথ, 7 জুলাই : অৱশেষত বন বিভাগৰ অভিযানত আটক হ'ল বাবু ৷ বাবু হৈছে এটা কুখ্যাত গঁড় চিকাৰী ৷ বন বিভাগৰ মূৰৰ কামোৰণি আছিল ৰছিদুল হক ওৰফে মেৰু ওৰফে বাবু ৷ বহুকেইটা গঁড় হত্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল মাষ্টাৰ মাইণ্ড ৰছিদুল (Rhino poacher arrested in Biswanath)৷

ৰছিদুল হক ওৰফে মেৰু ওৰফে বাবুক বিচাৰি বহু সময়ত বিশ্বনাথ জিলা বন বিভাগে বিভিন্ন পন্থাও অৱলম্বন কৰিছিল ৷ কিন্তু ৰছিদুলক আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৰাজ্যৰ বন বিভাগৰ লোকে । 2018 চনৰ 9 জুন তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) ষষ্ঠ সংযোজনৰ শীলডুবি পানপুৰ শিবিৰ এলেকাত এই ৰছিদুল হকৰ নেতৃত্বতে হত্যা কৰা হৈছিল এটা গঁড় ।

তাৰ পিছৰ পৰাই ৰছিদুলে পলায়ন কৰিছিল কেৰেলালৈ ।

বন বিভাগৰ জালত পৰিল মাষ্টাৰ মাইণ্ড বাবু

প্ৰায় তিনিবছৰ কেৰেলাত থাকি পুনৰ ৰছিদুল উভতি আহিছিল নিজ গৃহ বিশ্বনাথৰ 4 নং ভোজমাৰীলৈ । ঘৰলৈ ঘূৰি আহি পুনৰ পূৰ্বৰ কামকে কৰিবলৈ আৰম্ভ কৰিছিল অভিযুক্ত ৰছিদুলে ৷ গোপন তথ্যৰ খবৰৰ ভিত্তিত এই খবৰ লাভ কৰিছিল বন বিভাগৰ অপৰাধ অনুসন্ধান শাখাৰ বিষয়ববীয়াসকলে ৷ তাৰ পাচতে বন বিভাগৰ তৰফৰ পৰা আৰম্ভ কৰিছিল এক অভিযান ৷

এই অভিযানতে বুধবাৰে বন বিভাগৰ অনুসন্ধান শাখাৰ (Crime Investigation Branch of Forest Department) বিষয়ববীয়াই আটক কৰিবলৈ সক্ষম হয় বাবুক ৷ বন বিভাগৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়া যতীন্দ্ৰ মোহন দাসে উল্লেখ কৰা অনুসৰি, ৰছিদুলে নিজৰ গাঁৱৰ কাষতে থকা এখন বিলৰ পাৰত টঙিঘৰ সাজি, সেই টঙিঘৰতে বহু দিনৰ পৰা বসবাস কৰি আছিল ৷ আনকি বাবু ওৰফে ৰছিদুলে নিজৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰিছিল দুজনকৈ লোক ।

কিন্তু বন বিভাগেও গোপনে ৰছিদুলক গ্ৰেপ্তাৰ কৰিবলৈ পাতি থৈছিল জাল ৷ বুধবাৰে নিশা বন বিভাগৰ এই জালত পৰিল কুখ্যাত গঁড় চিকাৰী ৰছিদুল । বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ বনাঞ্চলিক বিষয়া যতীন্দ্ৰ মোহন দাসৰ নেতৃত্বত এটা অভিযানকাৰী দলে বিশ্বনাথৰ ভোজমাৰীৰ উল্লেখিত বিলৰ টঙি ঘৰত শুই থকা অবস্থাতে আটক কৰিবলৈ সক্ষম হয় ৰছিদুলক । বৰ্তমানো বন বিভাগৰ বিষয়াসকলে কুখ্যাত গঁড় চিকাৰী ৰছিদুলক নিজৰ জিম্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Rhino poacher arrested: কলিয়াবৰত গড় নিধনৰ সৈতে জড়িত চোৰাংচিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.