ETV Bharat / state

কৃষকক কঠিয়া যোগানৰ লক্ষ্যৰে মন্ত্ৰী ৰঞ্জিত দত্তই পথাৰত সিচিলে বীজ - ranjit seed

ৰাজ্যৰ অধিকাংশ জিলা এতিয়া বানৰ কবলত। শেহতীয়াকৈ অহা এই বানত ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন জিলা । কঠিয়া পৰাৰ সময়তে অহা এই বানত বিশেষকৈ খেতিয়কে কৰিব লগা হৈছে হাহাকাৰ । ইতিমধ্যে ৰাজ্যত বহু হেক্টৰ ধান আৰু কঠিয়াতলি এতিয়া পানীৰ তলত । ফলত মূৰে কপালে হাত দিছে এইসকল বানাক্ৰান্ত কৃষকে ৷ বানে ধোৱা অঞ্চল সমূহত কৃষক সকলক এই দুৰৱস্থাৰ পৰা সকাহ দিয়াৰ লক্ষ্যৰে এতিয়া ৰাজ্যৰ কৃষি বিভাগে যোগান ধৰিব কঠিয়া ।

Rajneet Dutta  sowing seeds on Farm at Bishwanath
কৃষকক কঠিয়া যোগানৰ লক্ষ্যৰে মন্ত্ৰী ৰঞ্জিত দত্তই পথাৰত সিচিলে বীজ
author img

By

Published : Jul 6, 2020, 7:28 PM IST

বিশ্বনাথ, ৬জুলাই: এই উদ্দেশ্যৰেই সোমবাৰে বিশ্বনাথৰ বুহিগাঙৰ পথাৰত কঠিয়া তলিত নামিল অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্ত । বানাক্ৰান্ত কৃষকক কঠিয়া যোগান ধৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে জিলাখনত ৫০ হেক্টৰ মাটিত কঠিয়াৰ বীজ সিচাৰ সিদ্ধান্ত লৈছে । ইয়াৰে অংশ হিচাবে সোমবাৰে ২০ বিঘা ভূমিত সিচিব লগা কঠিয়াৰ বীজ দলিয়াই এই কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

কৃষকক কঠিয়া যোগানৰ লক্ষ্যৰে মন্ত্ৰী ৰঞ্জিত দত্তই পথাৰত সিচিলে বীজ

উল্লেখ্য যে, জিলাখনত বান বিধস্ত অঞ্চলসমূহত ক্ষতিগ্ৰস্ত খেতিয়ক সকলক কঠিয়া যোগানেৰে সকাহ দিয়াৰ লক্ষ্যৰে জিলাখনৰ ৫০০হেক্টৰ ভূমিত ৰোব পৰা কঠিয়াৰ বিপৰীতে ৫০ হেক্টৰ ভূমিত উন্নত জাতৰ ধানৰ বীজ সিচাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰে ২০ বিঘাৰ কঠিয়া তলিত সোমবাৰে ৰঞ্জিত ধানৰ বীজ সিচিলে বিশ্বনাথ জিলাৰ কৃষি বিভাগে । সোমবাৰৰ এই কঠিয়াৰ বীজ সিচা কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ ওপৰিও জিলা উপায়ুক্তৰ লগতে বহুকেইগৰাকী কৃষি বিষয়া উপস্থিত থাকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.