ETV Bharat / state

উদুলি-মুদুলি বিশ্বনাথ ৰাস মহোৎসৱথলী - নামনিৰ ৰাস

আৰম্ভ হ’ল উত্তৰ অসমৰ সৰ্ববৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ ৷ শতাধিক বিপনীৰে বৃহৎ গ্ৰন্থমেলা আৰু বাণিজ্যমেলাৰ আয়োজন ৷ ৰাজ্যৰ অৰ্ধশতাধিক দিহানাম দলৰ অংশগ্ৰহণ ৷

raas mahotsav begins in biswanath
আৰম্ভ হ’ল উত্তৰ অসমৰ সৰ্ববৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:23 AM IST

বিশ্বনাথ ৰাস মহোৎসৱ

বিশ্বনাথ, 24 নৱেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দশমত বৰ্ণিত "গগণ নির্মল স্বচ্ছ ভৈল জল, দূৰ ভৈল মেঘগণ, মহাসুখকৰ সুৰভি শীতল বহে বায়ু সৰ্বক্ষণ"ৰ দৰে প্ৰকৃতিৰ বৈভৱশীল পৰিৱেশত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ অন্যতম বৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ । "শৰত সমান নাহি সুখকাল, হৰে দুখ অনুক্ৰমে, আকাশত মেঘ যতেক আছিল গুচাইল তাক প্ৰথমে" এনে পৰিৱেশৰ মাজত ভগবান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ দৰে 'ইটো কামজয় কেলি' ৰ আধ্যাত্মিকতাৰ উহ বিচাৰি বৃহস্পতিবাৰৰ পৰা ২৪, ২৫, ২৬ আৰু ২৭ নৱেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে 'যত' গোপী তত' কৃষ্ণ'ৰ 'কেলিগোপাল' নাট আৰু শিশু কৃষ্ণৰ জীৱনৰ আধাৰত নৃত্য নাটিকা আদি প্ৰদৰ্শনৰ আয়োজন সম্পূর্ণ কৰিছে সমিতিয়ে ।

raas mahotsav begins in biswanath
বিশ্বনাথ ৰাস মহোৎসৱ

এই ৰাস মহোৎসৱে ইতিমধ্যে ২৫ টা শৰৎ পৰিক্ৰমা অতিক্ৰম কৰি এইবাৰ ২৬ সংখ্যক বৰ্ষত ভৰি দিছে । আত্মা-পৰমাত্মাৰ মিলনৰ সুখানুভূতিৰ আৰু ভক্তিপ্ৰেমৰ অমিয়া ধাৰা সৰ্বস্ব এই ৰাস মহোৎসৱৰ জৰিয়তে সাম্প্ৰদায়িক অসূয়া-অপ্ৰীতিৰহিত, বর্ণহীন সমাজ গঠনৰ পোষকতা কৰি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন কৰে বিশ্বনাথ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকাই । উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গৌতম দাধৰাই আঁতধৰা এই অনুষ্ঠানৰ পিচতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্যকৰী সভাপতি বসন্ত বৰাই ।

raas mahotsav begins in biswanath
বিশ্বনাথ ৰাস মহোৎসৱ

ইয়াৰ পিচতে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা তনুজা হাজৰিকা সোঁৱৰণী দিহা নাম প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰবক্তা তাৰানাথ মহন্তই । ৰাজ্যৰ বিভিন্ন স্থানৰ অৰ্ধশতাধিক দিহানাম দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অতিথি হিচাবে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী জবা খ্যাত যশশ্ৰী ভূঞা ।

ইয়াৰ পিতচতে উদ্বোধন কৰা হয় এখন বৃহৎ বাণিজ্য আৰু গ্ৰন্থমেলা । এই বাণিজ্যমেলা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিক্ৰম ডুবেই । অসমৰ উপৰিও বহিঃৰাজ্য কলকাতা, উত্তৰ প্ৰদেশ, দিল্লীৰ পৰা অহা বহু সংখ্যক বিপনীয়ে অংশ গ্ৰহণ কৰিছে এই বাণিজ্য আৰু গ্ৰন্থমেলাত ।

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি বীৰ লাচিতৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বিয়লি যোগেন শৰ্মা সোঁৱৰণী কৃষ্ণ নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । তৃতীয় দিনৰ কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰকে ধৰি বিভিন্নজনৰ অংশ গ্ৰহণৰে জীপাল হ’ব লগা এই ৰাস মহোৎসৱৰ ২৬ আৰু ২৭ নৱেম্বৰত শ্ৰীকৃষ্ণৰ শিশু লীলাৰ ওপৰত আধাৰিত কেইবাখনো নৃত্য নাটিকাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত কেলিগোপাল নাটভাগ প্ৰদৰ্শন কৰা হ’ব ।

এই ৰাস মহোৎসৱলৈ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি 23 নৱেম্বৰত এক সংবাদমেলৰ আয়োজন কৰে উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰা, প্ৰধান সম্পাদক গৌতম দাধৰা, সম্পাদক ঈশ্বৰ শইকীয়া, ধনটি দত্ত আৰু বুল ভূঞাই । এই সংবাদমেলতে বিশ্বনাথৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনীৰাম দাসক 'বিশ্বনাথ শিৰোমনি', বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক 'প্ৰজ্ঞাসিন্ধু', বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক 'বিশ্বনাথ বিভূষণ' আৰু বিশিষ্ট উদ্যোগী নৰেন শৰ্মাক -‘বিশ্বনাথ বৈভৱ’ সন্মানৰে সন্মানিত কৰা হ’ব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি; সাজুনে আপুনিও ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.